বন সুৰক্ষা আৰু আমাৰ কৰণীয়,লেখা সুনিল পায়েং

 বন সুৰক্ষা আৰু আমাৰ কৰণীয়

বন সুৰক্ষা আৰু আমাৰ কৰণীয়,সুনিল পায়েং



  জীয়াই থকাৰ এটা পাৰস্পৰিক অংশৰ বাহন হল অক্সিজেন আৰু অক্সিজেন আহৰণ কৰোঁ গছ - গছনিৰ পৰা।প্ৰত্যেক ব্যক্তিয়ে হৃদয়ঙ্গম কৰিব পাৰে যে অক্সিজেনৰ আৱশ্যকতা কিমান? তাক সংজ্ঞা দাঙি নধৰিলেও হব। বন সুৰক্ষা কৰিবলৈ হলে প্ৰথমে সমাজক সজাগ কৰিব লাগিব। সমাজক বন সংৰক্ষণৰ বিষয়ে কিছু কৰণীয় দিশ আৰু তাৰ উপকাৰিতা, অপৰিহাৰ্যৰ কথা মূল্যবোধ সহকাৰে দাঙি ধৰিব লাগে।সাম্প্ৰতিক কালছোৱাত জনসংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত ভৌগোলিক আৰু সামাজিক দিশতো যথেষ্ট প্ৰভাৱ পেলাইছে।জনসংখ্যা বৃদ্ধিৰ কালক্ৰমত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ যথেষ্ট হোৱা বাবে বনৰ কিছু নিম্নগামী হোৱা দেখা গৈছে।বিশেষকৈ যন্ত্ৰিকতাৰ দিশত ধাৱমান হোৱাৰ ফলস্বৰূপে প্ৰত্যেকজন ব্যক্তিয়ে গছ গছনি কাটি কংক্ৰিট প্ৰাসাদৰ নিৰ্মাণ কৰা হে তুকে গছ গছনিৰ বিলুপ্তি কৰণ হৈছে। ভাৰতৰ প্ৰায় ৰাজ্যতে এই আধুনিকীকৰণৰ দিশলৈ ধাৱমান হোৱাত যি নাটনি হৈছে প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব পাৰে, কিন্তু তাৰ প্ৰতিবাদ কৰা মানে একাংশ লোক চৰকাৰৰ বিৰোধীতা কৰা, কিন্তু আন এচাম পন্থীৰ মতে সৰক্ষণৰ নামত প্ৰতিবাদৰ যি জোঁৱাৰ এয়া হৈছে এক নিৰ্মীয়মান নাটক। বন সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তি নিজৰ মৌলিক দায়িত্ব সমূহ পালন কৰিব লাগে আৰু গছপুলি ৰোপনৰ জ্ঞান দক্ষতাৰ নীতি নিয়মৰ কথা নোকোৱাকৈ প্ৰত্যেক গৰাকীক ব্যৱহাৰিক ভাবে ৰোপন কৰিবলৈ দিব লাগে। বৰ্তমান সমাজত দেখো যে বন সংৰক্ষণক অৱহেলা কৰা দেখা যায়। ৰাস্তা - পদূলিত থকা বৃহৎ বৃহৎ   মূল্যবান গছ সমূহক ৰাস্তা নিৰ্মাণৰ উদ্দেশ্যে কাটি পেলোৱা দেখা গৈছে, বিশেষকৈ নগৰিকৰণ নিৰ্মাণৰ অৰ্থে। চাৰিলেন যুক্ত আৰু ছয়লেন যুক্ত ৰাস্তা সমূহৰ বাবে বহু বৃক্ষ তহিলং কৰি বনৰ ধ্বংস কৰা হৈছে।ইয়াৰোপৰি গ্ৰামাঞ্চল সমূহতো বিদ্যুৎ ব্যৱস্থাৰ উন্নত কৰণৰ বাবে পদুলিত থকা গছ - গছনি সমূহ কাটি পেলোৱা হৈছে।কিন্তু, ইয়াৰ সপক্ষেও দৃষ্টি নিবন্ধন কৰিলে দেখা পাওঁ যে এটা বৃক্ষৰ বাবে আন এটা চুকলৈ লৈ যাবলগীয়া বাধ্যত পৰি সমস্যাৰ সৃষ্টি হোৱা দেখা পাওঁ।

     ৰাজনৈতিক প্ৰেক্ষাপটত বন সংৰক্ষণৰ সম্পৰ্ক কি? তাক লৈয়ো চৰকাৰ আৰু সাধাৰণ জনতাৰ মাজত বিতৰ্কৰ মুখামুখি হোৱা দেখা যায়।ৰাজনৈতিক প্ৰেক্ষাপটত দৃষ্টি নিক্ষেপ কৰিলে দেখা পাওঁ জনসংখ্যাৰ বৃদ্ধি আৰু গতিশীল মানৱ জীৱন, বন সংৰক্ষণৰ ওপৰত কিমান শতাংশ দায়ী? চৰকাৰৰ দ্বাৰা ওলোৱা যি বন সংৰক্ষণৰ কোঠা তাক লৈও বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায়।বন সংৰক্ষণৰ কোঠালৈ নাযাওঁ কিন্তু বন সংৰক্ষণৰ বাবে সংৰক্ষণকাৰীৰ‌ উপযোগিতা কিমান? আৰু বন সংৰক্ষণৰ কাৰ্যালয় অৱস্থিত হোৱাৰ ঠাইডোখৰ ভৌগোলিক পৰিসীমা কেনেকুৱা তাক লক্ষ্য কৰিহে চৰকাৰে তথ্যৰ যুগুত কৰিব লাগে। বন সংৰক্ষণ প্ৰকৃতাৰ্থত গছ - গছনি‌ সংৰক্ষণ কৰাকে বনসংৰক্ষণ বুলি কব পাৰি। অসমত বহু বন্যাৰণ্য আছে।অৰণ্য মানৱ হিচাপে স্বীকৃত প্ৰাপ্ত যাদৱ পায়েঙো  বনসংৰক্ষণৰ সাক্ষী। বন সংৰক্ষণৰ ক্ষেত্ৰত যাদৱ পায়েং ডাঙৰীয়া বিস্তীৰ্ণ এলেকাৰ অৰণ্য গঢ়ি তোলা কাৰ্যই অতুলনীয় অৱদান আগবঢ়াইছে। তেখেতে বৃক্ষ ৰোপণৰ বিষয়ে দেশ বিদেশতো মতাদৰ্শ কৰি আহিছে। তেখেতৰ মূলাই কাঠনি অৰণ্যত বিভিন্ন ধৰণৰ প্ৰজাতিৰ গছ গছনি‌ থকা সত্বেও বন্যপ্ৰাণীৰ আগমন ঘটে।তেখেত কৈছে যে বিশ্ব পৰিৱেশ দিৱসত বৃক্ষ ৰোপন কৰাটো কোৱা বাহুল্য মাথোন, প্ৰকৃতাৰ্থত ধ্বংস হে কৰে। কাৰণ বৃক্ষ ৰোপন কৰাৰ পিছত পুলিৰ তদাৰক কৰা খুবেই কম। সেয়েহে গছৰ পুলি যত আছিল তাক পুনৰ সংকস্কৰণ কৰিব লাগে।

     বন সংৰক্ষণ হিচাপে আমাৰ কৰণীয় কম হল প্ৰতিপালন কৰা। চিপকো আন্দোলনৰ সময়ত প্ৰত্যেক গৰাকী মহিলাই গছ নাকাটিবলৈ সাৱটি ধৰিছিল । ঠিক তেনেকৈ যদি নিজৰ দায়িত্ববোধ গঢ়ি তুলিব লাগে, তেতিয়া বিনা সংকুচেৰে সংৰক্ষণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী আৰু শৈক্ষিক পৰিবেশ দিশতো বন সুৰক্ষা আৰু সংৰক্ষণৰ অব্যাহতি হৈ আহিছে। কেইবা বছৰো ধৰি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত এজোপা বৃক্ষ ৰোপন কাৰ্য অব্যাহতি হৈ আছে। বৃক্ষ ৰোপন কৰাটো অপৰাধ নহয় কিন্তু বৃক্ষ ৰোপনৰ নামত প্ৰায়ে অবহেলা কৰি থকা হৈছে, প্ৰকৃততে অপৰাধ্মূলক কাৰ্য নহয়নে? শৈক্ষিক দিশত প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতক আদি পৰ্যায়লৈ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে।যৎপৰোনাস্তি আৱেগ আৰু বিবেকৰ সন্ধিহে মানৱ জাতিক সংৰক্ষণৰ পথ বাছি লৈছে।ইয়াত কাৰো দ্বিমত নাই। আনহাতে এচাম ব্যক্তিৰ বাবে এই ত্ৰিৰাংগণৰ পৃথিৱীত মানৱ জাতি বিচ্ছেদ হবলগীয়া হয়।

     অৰ্থনৈতিক দিশৰ ওপৰতো বৃক্ষৰ মূল্য অপৰিসীম।কিন্তু তাৰ চাহিদা ক্ৰমানুসাৰে বহুতো গোপন চোৰাংচোৱাৰ কবলত পৰাৰ বাবে দেশৰ জাতীয় আয়ৰ প্ৰবণতা কমি গৈছে। কিন্তু প্ৰত্যেকজন ব্যক্তিহে পৰোক্ষভাবেহে প্ৰতিবাদ কৰে অথবা ছচিয়েল মিডিয়াতহে তাৰ প্ৰতিবাদ কৰা দেখা যায়,কিন্তু প্ৰকৃতাৰ্থত  প্ৰত্যক্ষ ভাবে কোনেও প্ৰতিবাদ কৰাৰ সাহস নকৰে। বন সুৰক্ষা আৰু আমাৰ কৰণীয় হিচাপে সমাজৰ প্ৰত্যেক শিক্ষিত আৰু অশিক্ষিত তাৰ পৰিচয় কৰাব লাগে।কিন্তু আজিকালি ইয়াৰ পৰিণাম ওলোটাহে।  নামত শিক্ষিত হোৱাতকৈ নোহোৱাই‌ ভাল। বৃক্ষ ৰোপনৰ বাবে কোনো উচ্চ ডিগ্ৰীধাৰী প্ৰয়োজন নহয়, ৰোপনৰ প্ৰতি সদা সত  প্ৰচেষ্টা  কৰা কৰ্মৰাজীয়েই হৈছে প্ৰকৃত শিক্ষা। সংকীৰ্ণ মনৰ গৰাকী হোৱাতকৈ উদাৰ মনৰ গৰাকী হোৱাই শ্ৰেয় আৰু সমাজক উত্তৰণৰ দিশলৈ লৈ যাব পাৰিব। সমাজৰ শিক্ষিত লোক সকলে অধ্যুষিত অঞ্চল সমূহত গৈ তাৰ প্ৰতি জ্ঞান সোঁৱৰাব লাগে। তেতিয়াহে একোখন সমাজ বৃক্ষ ৰোপনৰ চাহিদাৰ স্থিতিস্থাপকৰ আৰু বৃক্ষৰ মানদণ্ডৰ বিষয়ে উপলব্ধি কৰিব পাৰিব। বৰ্তমান ধৰণিত যি মহামাৰীৰ সৃষ্টি হৈছে এইটো সঁচাকৈ ভয়ানক।কিন্তু একাংশ অশিক্ষিত অজ্ঞ লোকে নিৰ্লজ্জ ভাবে অৱহেলা কৰিছে। এয়ে যে ভাৰতৰ বৃহৎ নগৰ সমূহতো অক্সিজেনৰ নাটনি হোৱাত চাঞ্চল্যকৰ সৃষ্টি হৈছে।কিমান জনৰ অকাল বিয়োগ ,কিমান জনে নিজৰ আত্মীয় স্বজনক হেৰুৱাইছে তাৰ হিচাপ নাই। অক্সিজেনৰ প্ৰভাৱ এতিয়া পৃথিৱী লোকে উপলব্ধি কৰিব পাৰিছে যে অক্সিজেনৰ কিমান প্ৰয়োজন। আধুনিকতাৰ দিশলৈ যাওঁতে মানৱ প্ৰজাতিয়ে গছ গছনি‌ কাটি তহিলং কৰি যি ধৰণৰ কংক্ৰীত নগৰ আৰু উদ্যোগ প্ৰতিষ্ঠান সমূহ গঢ়ি তুলিছিল, এতিয়া এই সকলোবোৰ স্তব্দ।বন্ধ কোঠালীৰ নিসংগ পৃষ্ঠা।য'ত আমোদ প্ৰমোদৰ কোনো গুণগত দিশ নাই। এতিয়া জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে অনুধাৱন কৰিব পাৰিছে যে প্ৰকৃতিৰ অভাৱত অক্সিজেনৰ নাটনি হৈছে।আমেৰিকাৰ দৰে উন্নত দেশ বোৰতো গছ গছনিৰ অভাৱৰ ফলত অক্সিজেনৰ পৰিমাণ প্ৰায়ে নিম্নগামী হোৱা দেখা গৈছে। এইটো কথা নিশ্চিত যে গছ থাকিলেহে মানুহ থাকিব। বন সংৰক্ষণৰ বিষয়ে প্ৰত্যেকজন কবি, সাহিত্যিক সকলে নিজৰ সাহিত্যৰ কৃতি ৰাজিৰে মানদণ্ড অটুট ৰাখিছে। বন সংৰক্ষণৰ পূৰ্বে মানুহ আৰু গছৰ সম্বন্ধটো অত্যধিক পৰিমাণে মিল হোৱাৰ যুক্তিযুক্ততা থাকিব লাগিব। তেতিয়াহে বনৰ ৰক্ষা কৰাতো সম্ভৱ। বন সংৰক্ষণক‌ আমাৰ কৰণীয় হিচাপে প্ৰত্যেক গৰাকী ব্যক্তিয়ে সহনশীল নীতিৰে গ্ৰহণ কৰি উচ্চ পৰ্যাপ্ত পৰিমাণৰ আনুষঙ্গিক দিশলৈ লৈ যাব লাগে। মনকৰিবলগীয়া বিষয় এইটোৱেই যে বৃক্ষ ৰোপন কৰা কাৰ্যটো যধে- মধে ৰোপন কৰিলেই প্ৰকৃত বৃক্ষ ৰোপন নহয়,, প্ৰকৃতিক অপমান বোধ কৰাৰ মতানৈক্যহে । মাটিৰ পৰিমাণ আৰু বৃক্ষ ৰোপন কৰিবলগীয়া ঠাইকো লক্ষ্য কৰিহে ৰোপন কৰা উচিত। ৰোপণৰ মূল লক্ষ্য হল তাক তদাৰক কৰা।

     বন সংৰক্ষণ কৰাটো বিশ্ব বাসীৰ বাবে মৌলিক কৰ্তব্য। সকলোৱে ইয়াক গ্ৰহণ কৰিব লাগে।যথোচিত সমাজক সেউজ পৃথিৱী গঢ়াৰ সংকল্প লবলৈ বাধ্য কৰোৱা উচিত।যাতে প্ৰত্যেক একোজন ব্যক্তিয়ে একো একোটা বৃক্ষ পুলি ৰোপণ কৰি তাৰ সংৰক্ষণ কৰে যেন।আৰু এখন সুন্দৰ সমাজ   আৰু সেউজ পৃথিৱী গঢ়ি তোলে।।


                                                  

Post a Comment

0 Comments