অণুগল্প
মুখা
"বাইদেউ,অহা দেওবাৰলৈ সভাখন দিছোঁ। আপুনি উপায়ুক্তক দিব লগা স্মাৰকপত্ৰখন সাজু কৰিবচোন।"- মহিলাকেইগৰাকীয়ে মিনতি বাইদেউক উদ্দেশ্যি ক'লে।
অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা মানৱ সৰবৰাহকৰণৰ বিষয়টো উপায়ুক্ত মহোদয়ক অৱগত কৰাৰ উদ্দেশ্যেৰে বাইদেউহঁতৰ এই পদক্ষেপ।
আনফালে...।
সন্ধিয়ালৈ ফোনত মালিকৰ সতে মিনতি বাইদেউৰ বাৰ্তালাপ।
"দুজনী ছোৱালী আছে, দহ-বাৰ বছৰ বয়সৰ।"
:কিমান দিব...?
✍️প্ৰাৰ্থনা সন্দিকৈ
স্নাতক দ্বিতীয় ষান্মাসিক
অসমীয়া বিভাগ
মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়
ডিব্ৰুগড়

0 Comments