বাহিৰত ওলাই নাযাবা অ: পুতাই,তুলাদৈ পায়েং টাইদ

 বাহিৰত ওলাই নাযাবা অ: পুতাই,তুলাদৈ পায়েং টাইদ

বাহিৰত ওলাই নাযাবা অ: পুতাই,তুলাদৈ পায়েং টাইদ



বাহিৰত ওলাই নাযাবা অ: পুতাই 

তহে মোৰ একমাত্ৰ ভৰসা

 আজি আইৰ  কোলাত ধূৱলি-কুঁৱলিৰে

 কিয় বাৰু ইমান কোলাহল 

চকুৰে  মনিব নোৱাৰা হলো

 মোৰ জগত জননি আইক

  হেৰাল শান্তি  সমস্ত মানৱৰ,প্ৰকৃতিয়ে 

হেৰুৱালে  ভাৰ সাম্য নিজৰ

উকুলা ডাঁৱৰে ঢাকি পেলালে নীলা 

আকাশ সেউজীয়াবোৰ কলা হল

কৰুনাৰ চিপ চিপনী বৰষুণ, মুকলি ৰাষ্টাত 

নোলাবা অ: পুতাই

  উশাহ- নিশাহ ৰূব্দ হৈ পৰিব তোমাৰ,.

কেচা কলিজাত অক্সিজেনৰ অভাৱ হব

শীতল বতাহ নাপাবা অ: পুতাই

কৰুনাৰ তপত বতাহে চোনামি হৈ আহিব 

বাহিৰত নোলাবা অ:

আজি মুক্ত আকাশ নাই, মাথো 

 কৰুনাৰ ৰঙা বৰষুণৰ চিপ চিপনি

ৰাষ্টা ঘাটে মাথো প্ৰলয়ংকাৰী মহামাৰী 

কৰুনাৰ ধুমুহাই বাঁহ মাৰলি হেৰুৱাই

জীয়াই থকাৰ সিপিঠিত মৃত্যুৰ উকুলা 

ডাঁৱৰ  উৰি ফুৰিছে

বাহিৰত ওলাই নাযাবা অ: মোৰ পুতাই 

তহে মোৰ একমাত্র ভৰসা

মই নাথাকিলেও তুমি জীয়াই থাকিব 

লাগিব অন্তত বংশ ৰক্ষা হব

কেনেবাকৈ উৰি ফুৰা কৰুনাই 

তোমাৰ গাত লম্ভিলে কি হব পুতাই

কলিজাত বাঁহ লব, বাঁহ ললেই চাবা 

তোমাৰ কলিজা কুৰুকি পেলাব

পুণৰ আকৌ পৃথিৱীলৈ ঘূৰি অহা বাট ৰূদ্ব হৈ পৰিব

বাহিৰত ওলাই নাযাবা

 অ: মোৰ পুতাই তহে মোৰ একমাত্র ভৰসা॥

Post a Comment

0 Comments