নীলা খামৰ চিঠি
"প্ৰানৰ প্ৰিয়তমালৈ"
প্ৰতি,
মৰমৰ
হেঙুলীয়া সুৰুজৰ সেউতাফালি এমুঠি হালধীয়াৰে এয়া তোমাৰ নামত লিখিব ওলাইছো এমুঠি অনুভৱৰ বন্যা।আশা কৰো মোৰ গভীৰ হৃদয়ক আজুৰি অনা তোমাৰ সোনবৰনীয়া মুখৰ হাঁহিটি কুশলে আছে।সময়ৰ পাকচত্রুত যদিওবা এজাক এন্ধাৰে আমাৰ দুয়োৰে মনত আগুচি ধৰিলে তথাপি আশা কৰো প্ৰত্যাশাৰ এমুঠি জোনাকী তোমাৰ মনত এতিয়াও জীয়াই আছে।
হয়তো মোৰ শব্দৰ ক্ষমতাত তোমাক নোৱাৰি মোৰ আৱেগবোৰ বুজাবলৈ কিন্তু চেনেহৰ চেনেহীক জানো পাৰি নস্যা কৰিবলৈ।তোমাৰ ভাৱনাত মুকুতা হেন নিয়ৰত মোৰ সোণ বৰষে,জীপাল মনৰ দুবাৰ চেনেহত তোমাৰ বাবে যে মই নামৰ সত্তাটি এখন খোলা দুৱাৰ!!
পাৰিলে কেতিয়াবা অজানিতে এখন্তেক দিবা দেখা মোৰ আশাৰ কৰনি।আশানো কি সপোন দেখো বুলিলেই জানো বাস্তৱত পাব পাৰি !তৰংগিনী সুৰ হৈ তুমিটো মোৰ প্ৰবাহমান এখনি নদী।তুমি সেউজ হৈ থাকা অনুৰাগীৰ তোমাৰ প্ৰতি এয়াই শুভগা।
শেষত শৰতৰ আকাশ যেন তোমাৰ হৃদয়কাননত এপাহি সোনাৰুৰ অপেক্ষাত...
তোমাৰ
প্ৰিয়তম
পপীপ্ৰিয়া পাতিৰ
ঢকুৱাখানা

0 Comments