নীলা খামৰ চিঠি।
প্ৰিয়
চেনেহৰ মুক্তি
তেজপুৰ,
স্বপ্ন দুহাতত গজি উঠে বুকুৰ হুমুনিয়াৰ এজাক ধুমুহাৰ দৰে। নকৈ সজা পজা ঘৰটোলৈ মনত নপৰেনে? স্পন্দন হোৱা দেহৰ কংকাল ৰূপৰ দৰ্শন কৰিবলৈ নিশ্চয়কৈ তুমি আহিবা বুলি মই জানো। হেঁপাহেৰে বাট চাই আছোঁ তোৰ এই নিলাম বুকুৰ মাদকতাৰ সন্ধানত। চৌদিশে সুগন্ধি বিলাই ফুৰা সপোনৰ অপশ্বৰা আছিল। ছোৱালীজনীৰ কথা মনত নপৰেনে, নিৰৱতাত প্ৰাণ বিচাৰি হাবাথুৰি খোৱা লৰাৰ কথা। দুটি সম্পত্তিৰ গৰাকীৰে সৰ্ববিদ্যমান। আভ্যন্তৰীণ হৈ ব্যাকুল কৰে মোৰ কোলাহল বুকুত খুন্দা মাৰি। মৌন আকাশৰ নিয়ৰৰ টোপালত খোজ দিয়াৰ হেপাহ নিতৌ জাগি উঠে। কিন্তু মেল খালেই যেন সমস্ত সংসাৰ টনা - আজোৰা কৰে মোৰ এই ৰসবিহীন কপালত।ইতি।
সুনীল পায়েং
নৰ্থ লখিমপুৰ
নাম: সুনীল পায়েং
নৰ্থ লখিমপুৰ কলেজ
ৰঙানদী,লখিমপুৰ
চতুৰ্থ ষান্মাসিক
৯৭০৭৩২০৯৯৭

0 Comments