মই দলুঙ মৃমবৃৰ্
-দীপ্তি ৰাণী পেগু
পুৱাই উঠি প্রিয় আজনবোৰৰ লগত নদীৰ পানী
তুলি অনা মই দলুঙ
মৃমবৃৰ্
জল পাণৰ থালিত
পুৰা মাংস লগত মিঠা
পঃৰ আপং এবাটি
আগবঢ়াই দিয়া
মই দলুঙ মৃমবৃৰ্
লিঃনে গে:নে ফুল বচা
মেখেলা, ৰঙা বগা কলা
ৰঙৰ মচাং, এগে, ৰিঃ বি
গাচেং গেৰঃ বব জনা
মই দলুঙ মৃমবৃৰ্
পুৱাই উঠি প্রিয় আজনবোৰৰ
লগত ভূই-ৰুব যোৱা কঠীয়া
তোলা
তাতে মাছ পুৰা আলুৰ পিটিকা
প্রিয় নামছিংৰ সৈতে এসাঁজ
খোৱা,মই দলুঙ মৃমবৃৰ্
সন্ধিয়া পৰত নদীৰ
কাষত বহি হাঁহি ফুৰ্তিৰে
আজনবোৰৰ লগত
কথা পাতি মন খুলি হাঁহি
বিলোৱা মই দলুঙ মৃমবৃৰ্
শাৰি পাতি কলেজ যোৱা
সকলোৰে সৈতে মিলি
থকা ,একে লগে ঘৰ মুৱা
তাতে কোনোবা আজনে
কাৰোবাৰ সৈতে জোকাই
কথা কোৱা ,লাজতে ৰঙা পৰি
যোৱা মই দলুঙ মৃমবৃৰ্
লৃগাংৰ দিনা দুম্ দুম্ ,দুম্ পাক ,
দেন দুন, দেন তুক ,মাৰবাং
লোপি, তালত য়াকান এগে গাছৰ
পিন্ধি ঐনিঃতমৰ সুৰে সুৰে ঘুৰি ঘুৰি নাচি
দিয়া মই দলুঙ মৃমবৃৰ্
থ'ৰ লাগি বহি ভাবো
সমাজত আজি দলুঙ মৃমবৃৰ্ বুলি
পৰিচয় দিব পৰা মই
দলুঙ মৃমবৃৰ্।
মিচিং শব্দাৰ্থ
মৃমবৃৰ- গাভৰু ছোৱালী
ডুম-ডুম:- ঢোল
আজন:- লগৰ সমনীয়া
দলুঙ:- গাওঁ
লি:নে গেনে:- ৰঙা-সেউজীয়া
প:ৰ আপং:- ছাই মদ

0 Comments