ৰতনপুৰৰ ঐমিলি
চঞ্চলা যৌৱনা ঐমিলি
ফাগুনৰ বা লাগি মাতাল।
এইবাৰ লৃগাঙত পুৰাঙ আপিন খাবলৈ নামাত ?
মোলৈ মিবুগালুগ সাঁচি ৰাখিচনে ?
মই ঘূনাসুঁতি পাৰতে তোলৈ বাট চাই ৰ'ম…
তই আহিবি……
গাত ৰি:বি গাচেঙ মেৰিয়াই
ঐনিঃতমৰ ৰাগিত মতলীয়া হৈ গুমৰাগত নাচিম,
আমাৰ প্ৰেমৰ সাক্ষী হ'ব চিৰ প্ৰৱাহিত সোৱণশিৰি ।
ৰতনপুৰৰ ঐমিলি
,ভাস্কৰজ্যোতি বৰুৱা
,কবিতা

0 Comments