সোৱণশিৰি পাৰৰ আমি মিছিং ডেকা
সোৱণশিৰি পাৰৰ আমি মিছিং ডেকা,
কোনেনো বুজিব আমাৰ জীৱনৰ বাট একাঁ বেকাঁ।
নানা ৰঙৰ নানা তুলিকাৰ সপোনৰ বুটা বাচো অৱনৰিৰ পাৰত,
দুবেলা দুমঠিৰো সোৱাদ পাওঁ অৱনৰিৰ বুকুত।
জীবন যুজঁৰ লগত সময়ৰ সৈতে
আমনি কৰে আমাক অৱনৰিয়ে।
পাৰ হব খুজিও পাৰ হব নোৱাৰো
ফুটা ঠুলুঙা নাওৰ দৰে!
তথাপিও আমি নাভাগৰো।
দিনৰ ভাগত কামৰ নিচা
সন্ধিয়া বেলাত সুখ দুঃখৰ
লগৰী আমাৰ আপংৰ নিচা।
চলি আছে গৈ আছো আমি একেটা পথেৰে!
মাথো পাৰ্থক্য দিন বাৰৰ নাম।
✍️ অভিজিত কুম্বাং
ঢকুৱাখানা, লখিমপুৰ

0 Comments