নিসংগতা,পাৰ্থপ্ৰতিম শইকীয়া

 নিসংগতা




মই নিঃসংগতাত ভুগিছোঁ

নিশা নিজে নিজে জ্বলিছোঁ,

মনৰ অবুজ বেদনাত মই

কাৰোবাৰ দুবাহু বিচাৰিছোঁ ।


মই নিঃসংগতাত ভুগিছোঁ

বুকুত যেন বিষ অনুভৱ কৰিছো ,

মনৰ হেজাৰ কথা কবলৈ

কাৰোবাক কাষত বিচাৰিছোঁ ।


মই আকৌ নিঃসংগতাত ভুগিছোঁ

লৰালী বন্ধুবোৰক বিচাৰি ফুৰিছোঁ ,

অতীতৰ মধুৰ সময়ক সুঁৱৰি

নিজে নিজে শান্তিনা লভিছোঁ ।

এতিয়া মাথোঁ আন্ধাৰকে

আপোন কৰি লৈছোঁ ।


পাৰ্থ প্ৰতিম শইকীয়া

লখিমপুৰ

Post a Comment

0 Comments