প্ৰেমৰ সন্ধিয়া"
লিলি দলে
মায়াৱী সন্ধিয়াৰ
প্ৰেমাস্পন্দত
ঠুনুকা উশাহৰ সান্নিধ্য
তুমি নুবুজিবা ।
সীমাহীন নিৰৱতাক
অংগীকাৰ কৰি
উজাগৰী ৰাতিৰ নিসংগতা
তুমি নুবুজিবা।
তুমি দিয়া ৰোমাঞ্চৰ
প্ৰতিশ্ৰুতি আজি
স্বপ্ন বাহত
দিশ-হাৰা হ'ল।
স্মৃতিত মাথোঁ ৰ'ল
বেদনা সিক্ত
তপত অশ্ৰুৰ
বোৱতী নৈ।।

0 Comments