আইজনীৰ উচুপনি,কবিতা,পংখী মৰাণ
সৌ সিদিনা পিতায়ে শাওণ অহাৰ কথা ক'লে
দিন গুচি নিশা হ'ল
পুৱাই দাংকাই পথাৰলৈ গ'ল
সেউজীয়াই আৱৰি
আইৰ বুকু সামৰি
সময়বোৰ সময় হ'ল।
বানেও বুজিলে আঘোণো হাঁহিলে
মেটমৰাত সুখবোৰ ঘৰলৈ আনিলে,
আইয়ে আক ইমানখিনিয়েই সুখ বিচাৰে।
মানুহ বিহুৰ দিনা তিনিওকে
ৰঙা ফুল থকা নিজ হাতেৰে বছা
বিহুৱান দিলো
পিতাইৰ মৰম আৰু আইৰ আবেগক বুকুত ৰাখি কলো,
তোমালোকৰ আইজনীয়েই হৈ থাকিব বিচাৰো।
নাকান্দিবিচোন কেকাই
মোৰ বুকুৰ কপনি তই জানো শুনা নাই
কলিজাৰ এফাল তই মোৰ ভনী
আজি ওৰণি তানি যাবলৈ উলালি।
কেতিয়াবা বুকুখন বৰকৈ বিষালে
কলমে আজুৰিব খোজো
আপোনাৰ পৰা মোলৈ বিয়পি থকা ,
এখন দীঘলীয়া পৃষ্ঠা।
শেৱালী ফুলা বতৰৰ সুকীয়াবোৰে
বাৰুকৈয়ে কেতিয়াবা আমনি কৰে
সেউজীয়া ভাল পোৱা আইজনীয়ে
আজিকালি নীৰৱতা বিচাৰে
কিয় জানেনে?
বগাসাজযোৰে তাইৰ সুখখিনি জোৰাব নোৱাৰে।
পংখী মৰাণ
তিনিচুকীয়া

0 Comments