অণুগল্প
________
*ভোক
আজি সুশান্তৰ দেউতাক জীয়াই থকা হ'লে সি হয়তো বহুত ডাঙৰ ডাঙৰ সপোনবোৰ দেখিব পাৰিলে হয়। সম্পত্তিৰ নামত যি টুকুৰা ভেঁটি মাটি আছিল, যোৱাতো বানত সেইখিনিও উছন হ'ল। উপায়ন্তৰ হৈ সুশান্ত আৰু তাৰ মাকে মোমায়েকৰ ঘৰত আহি তাৰ ককাকৰ অনুগ্ৰহত জীৱন কটাবলৈ আৰম্ভ কৰিলে। ওচৰৰ চহৰখনতে থকা কাৰখানা এটাত শিল ভঙা কাম এটা যোগাৰ কৰি কোনোমতে মাক আৰু তাৰ কাৰণে সি চাউলমুঠি যোগাৰ কৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী কেইগৰাকীমান দেখি আজি যেন হঠাৎ তাৰ মনটো শিলৰ দৰে কঠিন হৈ উঠিল আৰু দুধাৰি চকুলো বাগৰিল। দেউতাকটো নাইয়ে এই পৃথিৱীত, মোমায়েকহঁতৰো সম্বল নাই তাক পঢ়ুৱাবলৈ। যাৰ কাৰণে সি আজি এইটো বয়সত শিল ভাঙিব লগা হৈছে। কাৰণ পেটৰ জুইকুৰা বৰ বেয়াকৈ জ্বলে।
__________*****__________
*দিব্যজ্যোতি ডেকা*।
*কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়।*
যোগাযোগ: ৬৯০১৭৫৩৪৮

0 Comments