মানুহে মবাইলক নে মবাইলে মানুহক ব্যৱহাৰ কৰিছে?,তপন পায়েং সম্পাদকীয়

 মানুহে মবাইলক নে মবাইলে মানুহক ব্যৱহাৰ কৰিছে?
মানুহে মবাইলক নে মবাইলে মানুহক ব্যৱহাৰ কৰিছে?

সৃষ্টিকৰ্তাত সৃষ্টিৰ গুঢ়তম ৰহস্য কৰিবৰ কাৰণে মানুহৰ প্ৰচেষ্টা সীমাতীঁত । মানুহে নোপোৱাটো পাৱলৈ আৰু নেদেখাটো চাবলৈ সদায় ব্যগ্ৰ , সেয়ে মানুহে প্ৰকৃতিৰ বুকুত নানাবিধৰ সৰ্বস্ব উদঘাটন কৰিছে। তাৰেই  উদাহৰণ হিচাপে মবাইলৰ বিষয়ে উত্থাপন কৰিচোহঁক । সাম্প্ৰতীক সময়ত কম্পিউটাৰৰ যুগ  আৰু এই কম্পিউটাৰৰ পিছতেই আহে বহুমূখী মবাইল । এইখিনিতেই চমুকৈ  জনাওঁ যে ১৯৭৩ চনত মটৰলা কোম্পানীয়ে মবাইল ফোন আৱিস্কাৰ কৰিছিল যিহেতু বৰ্তমান ইন্টাৰনেটৰ যুগ ,ইন্টাৰনেটৰ  যুগে দৈনন্দিন কামৰ খতিয়ানসমুহ চমু কৰাত সহায় কৰি আহিছে যেনে মবাইলৰ যোগেদি দু্ৰৈত থকা ব্যক্তিজনৰ লগত পলকতে কথা-পাতি সময়বোৰ ৰক্ষণ কৰিছে । জীৱন চক্ৰবোৰ  চলিবলৈ যেনেকৈ পুষ্টিকৰ হোৱাতো নিতান্তই প্ৰয়োজন ঠিক তেনেদৰে বৰ্তমান সময়ত  মবাইলৰো অত্যন্ত প্ৰয়োজন । মাথো এতিয়া বিবেচনা কৰে যে   আপুনি ক্ৰয় কৰা আপোনাৰ মবাইলতোক কোন দিশত ব্যৱহাৰ কৰিব সু-কৰ্মত নে অপ-কৰ্মত,বিজ্ঞানে  আৱিস্কাৰ কৰা  সকলো উপাদানৰেই ঋণাত্মক আৰু ধনাত্মকৰ গুণসমুহ আছে। মবাইলে বৰ্তমান সময়ত  ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কি কি প্ৰভাৱ পৰিছে আৰু কোনটো কোনটো দিশত ব্যৱহাৰ কৰিছে সেইয়াৰ ছাত্ৰ-ছাত্ৰীৰ মাজতে ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে ।
     ৰাতি পুৱা উঠাৰে পৰা ৰাতি শুৱালৈকে প্ৰতিটো মুহুৰ্ততে মবাইলৰ যোগেদি বন্ধুবৰ্গৰ লগত সামাজিক মাধ্যমত বাৰ্তা আদান-প্ৰধান কৰা ,অনলাইনৰ সামাজিক মাধ্যমত আড্ডা পতা,চিনেমা চোৱা আদি কামে ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়া-শুনাৰ অৱক্ষয় ঘটাত ইন্ধন যোগাইছে। যদিয়ে আমি বিপৰীত ভাৱেওঁ লক্ষ্য কৰো তেতিয়া পাওঁ যে সাম্প্ৰতীক কৰণাৰ সময়ত ঘৰতে বহি অনলাইন বাবে শিক্ষা গ্ৰহণ আদিয়ে মবাইলৰ সু-প্ৰভাৱবোৰ বহন কৰিছে। এতিয়া মাথো নিৰ্ভৰ আপোনাৰ হাতত ,কিছু নজনা কথা মবাইলৰ যোগেদি গুগুলত চোৱা ইত্যাদি ইত্যাদি। আনহাতে কিছুসংখ্যক লোকে ইন্টাৰনেট জগতত  পাৰ্টটাইম কাম কৰি পঢ়া-শুনাৰ খৰছ  নিজে বহন কৰিছে। উদাহৰণস্বৰূপে জনপ্ৰিয় মবাইল এপ্লিকেচন যেনে ইউটিউব  আৰু কিছুমান প্লেটফৰ্ম  টকাৰ আহৰণৰ ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠাপক কৰিছে ।  



এইখিনিতে উল্লেখ কৰিব লাগিব  ইন্টাৰনেট জগতত  ব্যৱহাৰ কৰোতা দুই-ধৰনৰ  -দৰ্শনাৰ্থী (Consumer) আৰু নিৰ্মাতা (Creator)। ইয়াৰে দৰ্শনাৰ্থী হৈছে কোনো ছচিয়েল মেডিয়া ফেচবুক ,ইউটিব আদি জনপ্ৰিয় মেডিয়াত উপলব্ধ হোৱা ফটো ,বিডিঅ আৰু বিভিন্ন লেখাবোৰ পঢ়া বা চোৱা আদিবোৰ । আনহাতে নিৰ্মাতা বুলি কলে  সেইসকলক কোৱা হয় সেই সকলো দৰ্শনাৰ্থী অৰ্থাৎ consumer ৰ  বাবে বিভিন্ন ধৰনৰ পষ্ট,লেখা,ফটো,বিডিঅ আদি প্ৰস্তুত কৰি মেডিয়া বোৰত  মুকলি কৰা সকল  আৰু  সেইকেইজনে কিছুসংখ্যক ভাৱে  হলেওঁ টকা আহৰণ কৰিছে।এনেক্ষেত্ৰত সৰহ সংখ্যাকেই কিছুমান দৰ্শন‍াৰ্থী  আৰু নিৰ্মাতা হিচাপে বাছি লৈছে । আন কিছুমানে আকৌ দিনৰ চৌৱিশ ঘন্টা টকা আহৰণৰ বাবে সময়বোৰ  নষ্ট কৰে । যাৰ ফলত  কিছু  নিজস্ব কামত ক্ষতি হোৱা  দেখা যায় ,মবাইলৰ এনে অপকাৰ  মুলক কামৰ  উদাহৰণ সজস্ৰ উপলব্ধ ,যিটো উল্লেখ কৰিবলৈ  কলমৰ চিয়াহীঁৰে থুপ নোহোঁৱা হৈছে । প্ৰকৃততে মবাইল ব্যৱহাৰ  ল'ৰা -ছোৱালীৰ ভৱিষ্যত জীৱন অৱনতি ঘটিব পাৰে সেইয়া নহয়,মাথো নিৰ্ভৰ কৰে আমি কেনেকৈ ব্যৱহাৰ কৰে  কিন্তু আজিকালি দেখা যায় যে মবাইলেহে  মানুহক  ব্যৱহাৰ কৰা ।
            গতিকে এতিয়াই ভাৱক আপুনি মবাইলক নে  মবাইলে মানুহক ,কোনটো দিশত ব্যৱহাৰ কৰে সেইয়া আপোনাৰ  কথা ॥

Post a Comment

0 Comments