নিমাতী কন্যা,তপন পায়েং

 নিমাতী কন্যা

               তপন পায়েং


নিমাতী কন্যা


যোৱা বছৰৰ পৰা নিমাতীৰ পৰিয়াল অসহায় ,শুনিছো সিহঁতি বাস কৰা ঠাইখন এতিয়াওঁ জলাশয়তেই আছে। ঘৰ নথকা পৰিয়াল অনাই-বনাই আশ্ৰয়ৰ বাবে ঘুৰি থাকে চহৰৰ মজিয়াত কেতিয়াবা ফুট-পাটত আকৌ কেতিয়াবা কোনোবা ৰেল ষ্টেচনত নহলেনো কোনে দিব আশ্ৰয়,আশ্ৰয় বুলিবলৈ এটাই আছিল হাইৱেইৰ কাষত তাতোঁ চৰকাৰে চৰকাৰী মাটি বুলি উঠালে এই ঠাইৰ পৰা। নিজৰ বুলিবলৈ দুই সমকংকাল সদৃশ পুতেক ,বাপেক হেনো যোৱা বছৰৰ বানতেই সমাধি ঘটিছে ।  সিহঁত দুটি বাটত মানুহ লগ পালেই বাওঁ হাতেদি হাত দি কয় দাদা কিবা এটা দিয়কচোন ,নিমাতীয়ে বাটৰ কাষে কাষে থকা ডাষ্টবিনত বটল বিচাৰি ফুৰে নহলেনো কৰ পৰা ভাত আহি সিহঁতৰ  পেটলৈ কেনেকৈনো যাব ।  সিহঁত দুটিয়ে কেতিয়াবা কেতিয়াবা সুধে মাকক, মা মা চোৱাছোন সৌৱা ৰাস্তাত যোৱা লৰাবোৰে কাণ্ডত বেগলৈনো  কলৈ যায় । সিহঁতৰ প্ৰশ্নত নিমাতী সদায়েই নিমাতী কন্যা॥


Post a Comment

0 Comments