মৰম আৰু তুমি
অৰুপ শইকীয়া
শীতৰ এই সেমেকা আবেলি
মোৰ হৃদয়ত তুমি
মৰম আৰু আলফুলে !!
মৰম এবাৰ চুই চোৱাৰ অযুত হেপাঁহ
বুকুৰ মৰমেৰে
হৃদয়ৰ আলফুল শুভাসেৰে !!
মৰম,
তোমাৰ হৃদয়ৰ চোতালত ওমলিবলৈ বৰকৈ হেপাঁহ
অভিমানী তোমাৰ মন ময়ুৰীৰ সতে,
এপলক দৃষ্টিৰে তােমাৰ
কাজল সনা নয়ন যুগল চাই !!
মৰম,
তুমি এটি প্ৰেমৰ কবিতা
মোৰ মনত,
মোৰ হৃদয়ত,
আৰু.......
আৰু কল্পনাৰ তুমি জনিৰ
লিহিৰি আঙুলীৰ পৰশ !!
মৰম
এতিয়া যদি তোমাক কও
"মোৰ প্ৰাণৰ প্ৰতিমা তুমি বুলি"
তেতিয়া মৃত্যুৰ বাহিৰে আন পথ থাকিব ?
মৰম
হেপাঁহ আৰু উদ্দীপনা, প্ৰতিশ্ৰুতি
উদ্দীপনা ভৰা মৰমৰ বিধেয়ক আজি
গৃহীত নহলেও মোৰ সমস্ত সংগ্ৰামৰ এটি
প্ৰেমৰ সুবাস তুমি
তুমি মোৰ এটি প্ৰেমৰ কবিতা
মৰম
তুমি মোৰ এটি প্ৰেমৰ কবিতা

0 Comments