নদী কাষৰীয়াৰ মিচিং গাওঁ মৃদুল মিলি

 নদী কাষৰীয়াৰ  মিচিং গাওঁ

                    মৃদুল মিলি

নদী কাষৰীয়াৰ  মিচিং গাওঁ                      মৃদুল মিলি


নাৱেৰে সৈতে যাত্রা কৰিলো

এখনি মিচিং গাৱলৈ বুলি,

নদীৰ কাষে থকা

কহুৱা, ঝাউবনৰ মনোৰম দৃশ্য চাই,।


পথাৰতো আছে মনোমোহা

চালে ফাক খাই যোৱা,

অই নি:তমৰ মধুৰ কন্ঠত বিলাই

খেতিয়কৰ ইয়া-ভৰা স্নেহ কৰ্ম।


লাহে লাহে আহি পালোগৈ

সোৱণশিৰি নৈপৰীয়াৰ বসতি কৰা শুৱনি আমাৰ মিচিং গাওঁ,

চাংঘৰটোলৈ চকু দিলো

আৰু কি সুন্দৰকৈ সজোৱা আছে, 

প্ৰকৃতিৰ বুকুত জিৰণি লোৱাৰ এইয়াহে প্রকৃত ।


মিচিং কনেংৰ সাজ-পাৰ

এই ৰিবি গাচে়ং এগে গাচৰ খনেই মোক বৰক আকৰ্ষণীয় কৰালে। 

আৰু কি সুন্দৰ কনেং 

চালে চকুৰোৱা হৈ পৰি যায় ।


সপোনৰ ঘৰ

চালে চকুৰোৱা সৌন্দৰ্যৰে ভৰপূৰ,

হেঁপাহেৰে  মন ভৰি ভাগি পৰো অই নিতমৰ মধুৰ কন্ঠত। 


এইয়াই মোৰ আবাসস্থল

 এইয়াই মোৰ জনম ভুমি

  এইয়াই মোৰ নৈ পৰীয়া

                   মিচিং গাওঁ 

Post a Comment

0 Comments