আফগানিস্তান,অনুভৱ প্ৰিয়ম মিৰি

 আফগানিস্তান


      অনুভৱ প্ৰিয়ম মিৰি

      ঢকুৱাখানা


গৃহযুদ্ধত বিধ্বস্ত আফগানিস্তান

গণতন্ত্ৰ শাসনৰ বিৰুদ্ধে তালিবানৰ যুদ্ধৰ দামামা

যি কোনো মুহূৰ্তত বিস্ফোৰণ হয় বোমা

ফুটে বন্দুকৰ গুলী 


আফগানত এতিয়া মানৱতাৰ বিপক্ষে

হিংসাৰ জুই জ্বলিছে

তালিবানী ধোঁৱাই ছানি ধৰিছে আকাশ

বোমা-গুলীৰ শব্দত দিন-ৰাতি হয়


আফগানত এতিয়া নাগৰিকৰ টোপনি নাই

যি কোনো মুহূৰ্তত বন্দুকৰ গুলীত মৃত্যু হয়

নিৰপৰাধী সাধাৰণ নাগৰিক


তালিবানৰ বোমা-গুলীয়ে চিনি নাপায়

আফগানৰ নিজৰ বংশ আৰু নাগৰিকক

শান্তিৰ ঘৰ আৰু প্ৰদেশবোৰক


আত্মৰক্ষাৰ বাবে দেশ এৰি পলাইছে

আফগানৰ নিৰপৰাধী জনতা

বিদেশৰ আশ্ৰয় স্থলত লৈছে আশ্ৰয়


তালিবানৰ বোমা-গুলীৰ আঘাতত

ক্ষত-বিক্ষত হৈছে আফগানৰ গণতন্ত্ৰ

বৈছে চকুলোৰ বন্যা


আফগানত এতিয়া অসহায় নাগৰিক

প্ৰাণৰ মমতাত মৰণ-কাতৰ চিঞৰ

আশ্রফৰ সৈন্যই ৰক্ষা কৰিব পৰা নাই

দেশ আৰু জনতাৰ জীৱন


আফগানিস্তান এতিয়া তালিবানৰ দখলত

গণতন্ত্ৰৰ অধিকাৰ থাকিব নে নেথাকে

এইয়া তালিবানে নিৰ্ধাৰণ কৰিব ।

কবিতা


Post a Comment

0 Comments