আজিৰ সময় ,◼মনিকল্পিতা পৰাশৰ

 আজিৰ সময়  


আজিৰ সময়,মনিকল্পিতা পৰাশৰ


নাই...

    নাই আজি সেই 

    চিনাকী মাটিৰ গোন্ধ লৈ কাপেৰে

   সেউজ বোলাই যোৱা কবিৰ সুৰ

আজি শাওন ৰ পথাৰত কেৱল 

   উন্মত্ত পশুৰ উদ্দাম নৃত্য।

আজি আপঙৰ ৰাগিত মাতাল নহয় 

    ডেকা চাঙৰ নিশা

কেৱল

   সুউচ্চ অট্টালিকাত ৰঙীণ হয়

   বিলাতী সুৰা।

 এয়াই আজিৰ সমাজ

সৰু মনৰ সৰু হৃদয়ৰ আবেষ্টনিত

মুখা পিন্ধা এখন সমাজ।

সেউজীয়ে বিচাৰে চিফুঙৰ ৰাগী

    যাৰ নিচাত বিলীন হয়

   কংক্ৰিতৰ জননগৰী

জনতাই গিলিছে দুখৰ মদিৰা

যাৰ পোখাত কৰাল বান্ধিছে

কেঁচা তেজৰ চেকুৰা।

                      

                          


Post a Comment

0 Comments