মই তোমাৰ চিৰ ঋণী বন্ধু ,তুলেশ্বৰ পেগু

 মই তোমাৰ চিৰ ঋণী বন্ধু

-

মই তোমাৰ চিৰ ঋণী বন্ধু,তুলেশ্বৰ পেগু


মই তোমাৰ চিৰ ঋণী বন্ধু

জীৱনৰ প্ৰতি মহা প্ৰলয়ত

সদায় তুমি

আগভেটি ধৰা

কি দৰে মুক্ত হ'ম

তোমাৰ এই ঋণৰ পৰা

কিহেৰে পৰিশোধ কৰো বন্ধু

মই, হৈ ৰলো তোমাৰ চিৰ ঋণী বন্ধু...!


মই তোমাৰ চিৰ ঋণী বন্ধু

জীৱনৰ প্ৰতি সুখ দুখৰ মাজত

সদায় তুমিয়ে মোৰ গীতাৰ বাণী

কি দৰে মুক্ত হ'ম

তোমাৰ এই বাণীৰ পৰা

কিহেৰে পৰিশোধ কৰিম বন্ধু...!


মই তোমাৰ চিৰ ঋণী বন্ধু

জীৱনৰ প্ৰতি খোজত

তুমিয়েই আগুৱাই আনিলা

অসীম অনন্তলৈ

হে প্ৰিয়,

মই তোমাৰ সদায় চিৰ ঋণী

কি দৰে মুক্ত হ'ম বন্ধু

তোমাৰ অপৰিশোধ ঋণৰ পৰা

মই তোমাৰ চিৰ ঋণী বন্ধু

মই, হৈ ৰ'লো তোমাৰ চিৰ ঋণী বন্ধু..!


তুলেশ্বৰ পেগু

দিঘলী দেবেৰা (চিলাপথাৰ)

Post a Comment

0 Comments