বিশ্ব পৰিবেশ দিৱস
জনসাধাৰণৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবছৰে এই দিনটো "বিশ্ব পৰিবেশ দিৱস" হিচাপে পালন কৰি আহিছে। ১৯৭২ চনৰ ৫ জুনৰ পৰা ১৬ জুন তাৰিখ পৰ্যন্ত "ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ সন্মিলন" (United Nations Conference on the Human Environment) অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই প্ৰতিবছৰে আজিৰ ৫ জুন তাৰিখটো গোটেই ভাৰতবৰ্ষই "বিশ্ব পৰিবেশ দিৱস" পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশ্ব পৰিবেশ দিৱস প্ৰথম পালন কৰা হৈছিল ১৯৭৪ চনৰ ৫ জুন তাৰিখে। ১৯৮৭ চনত প্ৰতিবছৰে এই দিৱসটো বেলেগ বেলেগ দেশত প্ৰতিপাদ্য বিষয়টো পালন কৰাৰ প্ৰস্তাৱ কৰা হয়। মানুহৰ প্ৰকৃতিৰ প্ৰতি সজাগ-সচেতনতা বৃদ্ধিৰ বাবে এই দিৱসটো পালন কৰা হয়। প্ৰকৃতিক ভালপালে মানুহৰ মাজত মিলাপ্ৰীতিৰ এক সুমধুৰ সম্পৰ্কৰ এনাজৰী বান্ধিব পাৰে। প্ৰকৃতিৰ অবিহনে আমাৰ জীৱন অসম্ভৱ; প্ৰকৃতিয়ে আমাক নিঃস্বাৰ্থভাৱে বহুত দিছে। এইসমূহৰ সংৰক্ষণ কৰাই হ'ল আমাৰ কৰ্তব্য। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ মানৱ সমাজে বহুতো প্ৰচেষ্টা হাতত লয় কাম কৰি যাব লাগিব। এজোপা গছৰ জীৱন মানে হাজাৰ জনৰ প্ৰান।
আমি বৰ্তমান পৰিস্থিতিত দেখি, শুনিবলৈ পাইছোঁ যে কৰোণা সংক্ৰমিত ব্যক্তিসকলৰ বাবে অক্সিজেনৰ নাটনি। কিন্তু আমি প্ৰকৃতিক সংৰক্ষণ কৰা পৰিৱৰ্তে ধ্বংস হে কৰিছোঁ। জধে-মধে গছ-বন কটা, হাবি-বননি কাটি তহিলং কৰা, পাহাৰৰ মাটি কটা আদি ধ্বংসাত্মক কাম কৰি কল-কাৰখানা, ফেক্টৰী বনোৱা ফলত অক্সিজেনৰ পৰিমান কমাই দিছে। এইবোৰৰ পৰা ওলোৱা ধোঁৱাই গোটেই পৃথিৱীক প্ৰদূষিত কৰিছে। ফলত জীৱকুল প্ৰকৃতিৰ মাজত ভাৰসাম্যতা হেৰুৱায় পেলাইছে। নানান প্ৰদূষণৰ মাত্ৰা দিনক দিনে বৃদ্ধি হৈ পৃথিৱীত জীৱ জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে।
গছ থাকিলেহে মানুহ থাকিব। আমি এজোপা গছ কটাৰ আগত ৪ জোপা গছৰ পুলি ৰুব লাগে। প্ৰকৃতিক সংৰক্ষণ কৰা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। মানৱ সমাজে প্ৰকৃতি জীয়াই ৰাখিলেহে পৃথিৱীখন সুন্দৰ আৰু সেউজীয়া হৈ পৰিব আৰু কাহানিও নহওঁক প্ৰকৃতিৰ ধ্বংস কাণ্ড। সকলোৱে এজোপা এজোপাকৈ গছ ৰুই প্ৰকৃতিক সংৰক্ষণ আৰু সেউজীয়া কৰিবলৈ উলাই আহক; পৰিস্থিতি তন্ত্ৰক সুস্থ কৰি ৰাখিবলৈ কৰোণাই কৰা স্থিতিহীনতাৰ সমান্তৰালকৈ পৰিৱেশ চাফ-চিকুণাই ৰাখি ধৰনীক সেউজীয়া কৰাৰ লগতে সমাজিক দূৰত্ব বজাই ৰাখক আৰু কৰোঁণাৰ পৰা মুক্তি লাভ কৰক।
শেষত আহক আমি সকলোৱে সংকল্প লওঁ যে বৃক্ষ ৰোপন কৰিম; গছ কটা বন্ধ কৰিম, প্ৰদূষণ ৰোধ কৰিম,প্লাষ্টিক ব্যৱহাৰ হ্ৰাস কৰিম,পানীৰ অপচয় ৰোধ কৰিম।
✍️ শেৱালী কূটুম
ঘূনাসূতি, লখিমপুৰ

0 Comments