দিহিঙৰ পাৰত,✍কনকলতা টাৱ মিলি

 দিহিঙৰ পাৰত

দিহিংঙৰ পাৰত কনকলতা টাৱ মিলি


      


বৰ্তমানৰ সপোন ৰচা

তৰুণ তৰুণীৰ দৰে

ময়ো এদিন ৰচিছিলোঁ

বহু বহু সপোন

দিহিং পাৰত বহি ।


থিয় গৰাত পৰি

মাটিবোৰ খহি খহি যোৱাৰ দৰে

সপোনবোৰেও সময় নদীৰ সোঁতে সোঁতে

গৰা খহাদি খহিল দিনে দিনে ।

যুগে যুগে জনম লভিব

বহু তৰুণ তৰুণী

দিহিঙৰ পাৰ শুৱনি কৰি

বব আনন্দত তেজৰ গুঞ্জন চেকুৰি

কত ব'হাগত গোলাপ ফুলিব

কত গাভৰুৰ খোপাত গুজিব ।

ব'হাগ আহিল বুলি 

কুলি কেতেকীয়ে গীত জুৰিব

জেঠত মেঘে ঢোল

বতাহে টানিব সুৰ

দীঘল দীঘল ঠেং মেলি বৰষুণে নাচিব ।

গাঁৱৰ আপোন মানুহবোৰেও

মোহ পাহৰি যাব    

নব প্ৰভাতৰ নতুন পখীৰ গীতত


মোৰ জনমভূমি দিহিঙৰ মাটি বন বননি

এতিয়াও গজি আছে মৰি মৰি

নতুন নতুনকৈ জনম লোৱা

তৰুণ তৰুণীৰ দৰে ।

           °°°°°°

Post a Comment

0 Comments