দিহিঙৰ পাৰত
বৰ্তমানৰ সপোন ৰচা
তৰুণ তৰুণীৰ দৰে
ময়ো এদিন ৰচিছিলোঁ
বহু বহু সপোন
দিহিং পাৰত বহি ।
থিয় গৰাত পৰি
মাটিবোৰ খহি খহি যোৱাৰ দৰে
সপোনবোৰেও সময় নদীৰ সোঁতে সোঁতে
গৰা খহাদি খহিল দিনে দিনে ।
যুগে যুগে জনম লভিব
বহু তৰুণ তৰুণী
দিহিঙৰ পাৰ শুৱনি কৰি
বব আনন্দত তেজৰ গুঞ্জন চেকুৰি
কত ব'হাগত গোলাপ ফুলিব
কত গাভৰুৰ খোপাত গুজিব ।
ব'হাগ আহিল বুলি
কুলি কেতেকীয়ে গীত জুৰিব
জেঠত মেঘে ঢোল
বতাহে টানিব সুৰ
দীঘল দীঘল ঠেং মেলি বৰষুণে নাচিব ।
গাঁৱৰ আপোন মানুহবোৰেও
মোহ পাহৰি যাব
নব প্ৰভাতৰ নতুন পখীৰ গীতত
মোৰ জনমভূমি দিহিঙৰ মাটি বন বননি
এতিয়াও গজি আছে মৰি মৰি
নতুন নতুনকৈ জনম লোৱা
তৰুণ তৰুণীৰ দৰে ।
°°°°°°

0 Comments