বিচাৰো এজাক সৃষ্টিৰ বৃষ্টি
মৃতকৰ হাড়ত পলসৰ নতুন স্পৰ্শ পান কৰি ,
জীৱন নদীৰ সিপাৰত উচিত পথৰ সংকেত বিচাৰি ,
পালো
সৃষ্টিৰ বোৱতী বৰ্ণ বৈভৱ ।
সাধনাৰ বিশুদ্ধতা আৰু নিবিড় উপলদ্ধিত,
সাৰ্থক ব্যৰ্থ জীৱন।
সৃষ্টিৰ হাবিয়াত এখোজ আগুৱাই ,
ৰচিব বিচাৰো দিশ হাৰা জীৱনৰ সেউজীয়া বাট,,, আৰু
ভেদিব বিচাৰো
সৃষ্টিৰ পথাৰত কৃষ্টিৰ বীজ সিঁচি স্বাৰ্থপৰ জীৱনৰ মায়াময় জাল ।
নিৰক্ষৰতাৰ প্ৰাচীৰ ভাঙি অৱসান বিচাৰো বিশাল বিনাশৰ মোটা মোটা পথ ,, আৰু বিচাৰো
অহিংসাৰ এজাক সৃষ্টিৰ বৃষ্টি।।
-

0 Comments