আবেলিৰ সুবাস বিচাৰি,-নিৰ্মল নৰহ,ৰঙানদী

 আবেলিৰ  সুবাস বিচাৰি 

       -নিৰ্মল নৰহ,ৰঙানদী

আবেলিৰ সুবাস বিচাৰি,নিৰ্মল নৰহ


 নীল আকাশৰ উৰণীয়া পক্ষীবোৰ 

জাক পাতি ঘৰমুৱা হৈছে

অস্তগামী ৰঙাবেলিৰ 

ৰঙীন আভাসে 

নৈসৰ্গিক দৃশ্যক আৰু অধিক 

ৰঙীন কৰি তুলিছে 

দৃশ্য বিভোৰ হৈ মই 

হাবু ডুবু খাইছোঁ  

নিৰৱতাই মোৰ আজি সাক্ষী 

নেদেখা পৃথিৱীৰ সিপাৰে 

মোৰ  ঠিকনা 

 নদীৰ গভীৰতা জানোঁ জুখিব পাৰি 

এই আকাশ কিমান বিশাল 

আজি মই আলেখ - লেখ লেখি আছোঁ 

আশাঁবোৰ ঢৌ খেলি 

কোনোবা এক অজান মুলুকত 

বিলীন হৈছে 

মই কোন কাহানিও 

নৈ আৰু সাগৰৰ 

গভীৰতা জুখিব নোৱাৰিম 

আৰু এই দৰে 

মোৰ আৰু তোমাৰ 

প্ৰেম ভালপোৱাক 

কেনেকৈ বাৰু জুখিম 

মোৰ দিনলিপিবোৰ 

আধৰুৱা যেন লাগিছে 

নিৰজনতাই দিনলিপিৰ 

ডুখৰীয়া স্মৃতি বোৰ গ্ৰাস কৰিছে 

নৈৰ পাৰত বহি বহি মই 

হেৰাই যোৱা দিনলৈ অপেক্ষা 

কৰিম 

কিজানিবা আধৰুৱা স্মৃতিৰ 

দিনলিপি  অংকন কৰি

মৰহা হৃদয়খনি 

ৰঙীন কৰিব পাৰিম 

তোমাৰ পৰশত ।

Post a Comment

0 Comments