ক'তেনো হেৰাল ?
![]() |
| কতেনো হেৰাল |
এটা সময় আছিল অতীতৰ পৰাই চলিছিল তেতিয়া সিহঁত আনন্দত মতলীয়া হৈছিল । ঘৰৰ পদূলিতে থকা তামোলৰ জোপাত বাস কৰছিল ,পুৱাতে পুৱৰ পৰা ওলোৱা দিবাকৰৰ জ্যোতিবোৰ তেওঁলোকৰ গাত পৰিলেই পাতৰ আৰঁত লুকাই থাকি নতুবা ঘৰৰ চোতালতে বহি নাচিছিল, আকৌ কেতিয়াবা কেতিয়াবা গানো গাইছিল ।তেওঁলোকৰ গানৰ সুৰৰ বিৰক্তিত আমি শিলগুটি ঢলিয়াইছিলো,তেতিয়াৰ পৰাই সিহঁত আমাৰ চোতালত নহা হল জানোছা! আমাক বেয়াই পালেই নেকি ?
বিচাৰো ফুৰিছো ইহঁতক, নাজানো এতিয়াবা কত থাকে ? তেওঁলোকৰ অপশয় বাসৰ খেৰালিবোৰ তামোলৰ জোপাৰ তলত পৰি থাকেগৈ আৰু সেই অপশয় বাহঁটোৰ লগত খেলিছিলো কেতিয়াবা মুৰত টুপী বুলিয়ো সমনীয়াহতঁৰ লগত খেলিছিলো । আৰু এতিয়া সেই ঘনচিৰিকাহতেওঁ নাই আৰু নাই এই সমনীয়া কেইজনো ,শুনিছো আজিকালি লগৰ -সমনীয়াবোৰে খেলিবলৈ পথাৰলৈ নাহে তেওঁলোক বন্ধ কোঠাত আৱদ্ধ আধুনীকতাৰ সূলভ লৈ মবাইলত খেলে দৌৰা-দৌৰি ।
পাচঁ-ছয়বছৰৰ পুৰ্বতে আধুনিকতাৰ বিষয়ে জ্ঞাত নাছিল সেয়ে সকলোৱে মিলি প্লাষ্টিকেৰে বনোৱা ফুটবলেদি খেলিছিলো ফুটবল খেল নতুবা নদীত চোৱা-চুই ,হাবিৰ মাজত লুকা-ভাকু আৰু খেলিছিলো কাৰোবাৰ ঘৰৰ পিছফালে থকা বাৰীৰ ৰবাব টেঙা চুৰ কৰি ফুটবল খেল ,ৰবাব টেঙা চুৰ কৰিছো বুলি ধৰা পৰাত দেউতাই দুদিনলৈ ভাত খাব নিদিওঁ বুলিয়ো কৈছিল ভাৱিলে যেন এনেকুৱা অনুভৱ হয় অতীতবোৰ যেন মাজৰাতিত অহা স্বপ্নয়ে। এই অতীতৰ দিনবোৰ কেনেকুৱা আছিল আৰু বৰ্তমানৰ দিনবোৰ কেনেকুৱা ,অতীতবোৰ কথা ৰোমন্থণ কৰিলে মন তৃষ্ণাতুৰ হয় অতীতৰ ঘড়ীৰ কাটাঁৰ লগত উঠি অতীতৰ পৃথিৱীলৈ যাবলৈ ।
সন্ধিয়া হলেই ঘৰৰ ডাঙৰ মা'ই কয় থাকে যোৱা তপন ,যোৱা সুনিল ৰূপহী বিলৰ পৰা মাছ ধৰি আন ? হয়তো এতিয়া ডাঙৰ মা'ই নাজানে সিদিনাৰ ৰূপহী বিল এতিয়া বিল হৈ থকা নাই ,মা'ই কৈছিল বিলটোৰ পাৰত থকা কাগৰি গছবোৰক সদায় মাছ ধৰাৰ পাছত কাগৰিবোৰক ঘৰৰ বেৰৰ ভাৱে কাটি লৈ আনিছিল বুলি । এতিয়া কেনেকৈ বুজাম আই'ক ঊনৈছ শতিকাৰ ৰঙানদী আৰু বিংশ শতিকাৰ ৰঙানদীৰ প্ৰাৰ্থক্য আকাশ -পাতাল । বিলত এতিয়া মাছ নাথাকে,মাছৰ সলনি মানুহে থাকে কাগৰি বনৰ সলনি মানুহৰ ঘৰহে শাৰী-পাতি আছে তাত,আই'য়ে কয় থাকে মৰাৰ আগতে ৰূপহী বিললৈ গৈ আকৌ মাছ ধৰিব,গৰৈ ,খলিহনাবোৰ জুঙালত থব, শুকান কৰাৰ পাছত আকৌ নামছিং বনাব সেই শুকান মাছৰ নামছিংঙক আই' য়ে মামাহতঁলৈ পঠাব ।
আইয়ে হয়তো নাজানে আধুনিকতাৰ সোতঁত পুৰণিৰ স্মৃতি জাহঁ গল,সকলো ধবংস হল ,আৰু লাহে লাহেকৈ সকলো নেদেখা নদীৰ ঘাটত বিলীন হোৱাৰ কথা। সকলো পাহৰি যাব আইতা হতে কোৱা সাধুকথাবোৰো,বিলীন হৈ যাব ককাঁদেউতা আৰু নাতিলৰাৰ চেনেহবোৰো । এতিয়াওঁ মনত আছে গ্ৰীষ্ম আৰু শৰৎৰ শেৱালী ফুলা ৰাতিটোত আইৰ আসলত বহি ৰামায়ণ ,মহাভাৰতৰ কাহিনীবোৰ শুনিছিলো,এতিয়াৰ কণ কণ ভাইটিয়ে চিনি নাপায় ৰাম-ৰাৱণৰ কাহিনী নতুবা চিনি নাপায় বাৰ বছৰ বয়সত আ'কাৰ ই'কাৰ নথকা কবিতা লিখা মহাপুৰুষ জনৰ জীৱনিৰ কথা । কাৰণ সিহঁতি সন্ধিয়া হলেই বহে দূৰদৰ্শনৰ কাষত আৰু আটাইতকৈ আমোদজনক শ্বউ চায় ।
কাৰণ এতিয়া আধুনিক যুগ,ঢাৰি পাটীত বহি থাকিবলৈ সময় নাই ॥ এতিয়া সকলো শান্ত পদূলিতে ৰৈ থকা তামোল গছজোপাৰো নিজান, পথাৰৰ মাজৰ খেলি থকা লৰাবোৰৰ ছবিয়ো পথাৰৰ মাজতে নস্যাৎ হল ,পথাৰৰ বুকুখনো বৰ্তমান উদং ,বাৰীত থকা ৰবাব টেঙাৰ জোপাহো দুষ্ট লৰা কেইজনলৈ অপেক্ষা ৰথ ,কোন পিতাইয়ে কব চুৰ কৰা মহাপাপ,আশা নাই এই দিনবোৰ আকৌ ঘুৰি অহাৰ। বেলিয়ে পশ্চিমত অস্ত হোৱাৰ পাছতো আকৌ পুৱত যে উদয় হব ।তাৰ পিছতো সেই অতীতে উভতি অহাৰ কোনো বৰশা নাই অতীত আজি ইতিহাসতেই থাকিব ॥

0 Comments