আই,✍ৰাহুল দলে

 আই


আই,কবিতা
আই


মোৰ মৃত্যু হয় যদি হওক
আকাশ তোমাৰ মেঘৰ বিজুলীতেই
তোমাৰ খঙতেই বিলীন হম
তোমাৰ ৰঙতেই বিলীন হম, 
নোৱাৰো আৰু সহিব
এই হিংসা, প্ৰতাৰণা, বিভেদ, বিচ্ছেদ, বিষাদ প্ৰেমৰ 
কাঁইটৰ  বিষ। 
মই মাত্র মানৱহে  
বনতেই কৰিম বাস
বনকেই কৰিম সাহ।
নেলাগে জুপুৰিও নেসাজোও ঘৰ
আই তোমাৰ কোলাতেই মোৰ আপোন ঘৰ।। 

চিপ্ চিপিয়া বৰষুণৰ পানীত যদি
গছ-গছনি বুৰি যাই
ময়ো বুৰি যাম আই তোমাৰ চৰণত।
তোমাৰ চায়া থাকে মানে আই
মোৰ মৃত্যুলৈ ভয় নাই। 
আই মোৰ শুৱনি, আই মোৰ সেউজী
আই মোৰ দয়ালু, আই মোৰ সকলো। 

ধুমুহাৰ কোবত আই মোৰ পংগু হোৱা নাই বা, 
দাদা ভাই তোমালোকৰ কুঠাৰৰ আঘাতত
আই মোৰ পংগু হয়। 
আই নহলে নাকে-মুখে কি গুজিবা, হৃদয় কেনেকৈ জুৰাবা., 
শীতল, মিঠা, কোমল দলিচাৰ উম কেনেকৈ বুজিবা।

গছত বগোৱাই বান্দৰটো নহয়
যদি বান্দৰেই বা হয় তেতিয়াওনো কি হয়? 
নেলাগে জুপুৰিও নাসাজো ঘৰ
আই তোমাৰ কোলাতেই মোৰ আপোন ঘৰ।। 
শেষ নিশা গণিম আকাশৰ তৰা
আনিম এমুঠি সুখ সৰগৰ পৰা, 
এই সুখ মোৰ বুকুতে থৈ
গুছি যাম এই মৰতৰ পৰা। 

মৰম-চেনেহ-আদৰ কিনো নুবুজিলো আই
মোৰ হৃদয়ত মাথো তোমাকেই দিলো ঠাই। 
আকৌ যেতিয়া জনম লভিম
তোমাৰ চৰণকে  পখালিম
তোমাৰ চৰণকে  সাৱতি  ধৰিম। 
কাবৌ কৰিছো তোমাৰ চৰণতে দিবা ঠাই

তুমি বিনে আই আৰু একো নাই।।

Post a Comment

0 Comments