চিঠি✍অপূৰ্ব বিকাশ দলে

 চিঠি

  অপূৰ্ব বিকাশ দলে,ঢকুৱাখানা

আই,কবিতা


ডাকোৱাল  বিহীন আগলি বতাহে

যাযাৱৰী আলিবাটত

ঠিকনা বিহীন ঠিকনাত

সাঁচিপাতৰ লেখত,

নীলিম মহীত,

বহু সুখ-দুখৰ টোপোলা

তোমালৈ বুলি।


বহু অশ্ৰুৰ নমুনা,

বহু হাঁহিৰ নমুনা।


য'ত গভীৰ আধ্যাত্মিকতাই ঠাই‌‌ পাব,

য’ত গভীৰ আৱেগে উমলিব।

জোনাকী ৰাতি আকাশত চাং পাতিব বহু সপোনে,

পুৱতিৰ নিয়ৰে কপৌজনী হৈ জগাবহি মোক।


চিনাকী চিনাকী মনৰ অচিনাকি  মুখখন

পোহৰাই তুলিব ৰ'দৰ পৰশে।

          °°°°°°°

Post a Comment

0 Comments