নৱজাগৰণ ,✍পিকু শইকীয়া

 নৱজাগৰণ

    

নৱজাগৰণ,পিকু হাজৰিকা


বহু শিক্ষাৰে শিক্ষিত

সঞ্চয় শিক্ষাৰ ভঁৰাল,

জ্ঞানৰ জ্যোতি যদিহে শূন্য

সন্মানৰ নাথাকে মান ৷

শিক্ষাৰ পোহৰে

নিজকে উজ্জ্বলাই

জ্ঞানৰ জ্যোতি

হৃদয়ত জগাই,

আনকো তোমাৰ সামান্য জ্যোতিয়ে

দিয়া পোহৰাই ৷

শিক্ষাৰ জ্ঞানৰ জ্যোতিয়ে

জাগ্ৰত কৰা সচেতনতা,

কোমল সুৰেৰে গোৱা

গান মানৱীয়তাৰ ৷

সামাজিক ব্যাধিক মষিমূৰ কৰি

জাতিভেদ বিৰূপ ভাৱ,

জ্ঞানৰ জ্যোতিয়ে নাশ কৰি

সৃষ্টি কৰা মানৱৰ নৱজাগৰণ ৷৷

       °°°°°°°

Post a Comment

0 Comments