সেউজ আলিঙ্গন
![]() |
| সেউজ আলিংগণ |
গাঁওৰ চোতালত বৃন্দাবন বৃন্দাবন
ষোল্লশ গোপিনীৰ নাচোনৰ তাল ভাঙি
জোনে ভটিয়নি বাট ল'লে
ফেচু পথাৰৰ কোনোবা সৰিয়হ ৰখীয়া প্ৰেমিক ডেকাৰ
আবতৰীয়া বাঁহীৰ সুৰ
নৈৰ বুকুত শেষ ৰাতিৰ জোনৰ নিলাজ আলিঙ্গন
বনৰীয়া পখীৰো যে প্ৰেম
কেতিয়া ওলাব বেলি তুল্ তুলীয়া হেঙুলীয়া বৰণ
আমিও সৰিয়হ ৰখীয়া হৈ থাকিব পৰা হ'লে
শীতৰ নিশা ভটিয়নি জোনৰ পোহৰত
টঙীঘৰৰ বুকুচাত কৰিলো হেতেন
সেউজীয়া সতে আলিঙ্গন।

0 Comments