সাহস(অণুগল্প),অলকেশ খাটনিয়াৰ

 সাহস(অণুগল্প)

সাহস(অণুগল্প),অলকেশ খাটনিয়াৰ


       মাজনী, তোক যদি কোনোবাই বেয়া ইংগিত দিয়ে কেতিয়াও ভয় নকৰিবি। বৰঞ্চ তাৰ প্ৰত্যুত্তৰ দিবি। লাগিলে হাত-ভৰিৰে প্ৰত্যুত্তৰ দিবি। তোৰ এই মায়েৰে তোৰ লগত সদায় থাকিব।


         প্ৰতিভাৰ আজি মাকলৈ বৰ মনত পৰিছে। কৰ্কট ৰোগত ভূগি মাকৰ যোৱা বছৰ মৃত্যু হ'ল। মাকে দিয়া সেই সাহসৰ বাবে আজি তাই নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে। আজি প্ৰতিভাই আই.বি. ডিপাৰ্টমেন্টত যোগদান কৰিব।


-অলকেশ খাটনিয়াৰ

কালজাৰ, বৰপেটা

Post a Comment

0 Comments