দু:স্বপ্ন,সুৰথ শইকীয়া

      

সৰথ দাস


ৰাতি পুৱাৰে পৰা চৰাই-চিৰিকটিবোৰে ইমানকৈ চিঞৰিছে । আাজি হাতীবোৰৰ মাত অন্যদিনাৰ দৰে লগা নাই , সিহঁতৰ মাতবোৰত যেন এক আতংকই বিৰাজ কৰিছে । বাৰান্দাত বহি বহিয়েই পায়েঙে পৰিস্থিতিৰ বুজ লবলৈ চেষ্টা কৰিলে । পায়েঙে দেখিলে গাঁৱৰ মানুহবোৰে এটা দিশলৈ বেগাই খোজ কাঢ়িছে  । তেওঁৰ নিজৰ শৰীৰটোৰ প্ৰতি ধিক্কাৰ ওপজিছে । বয়সৰ প্ৰভাৱে তেওঁক উপায়বিহীন কৰি তুলিছে । তেওঁ অনুমান কৰিলে যে কাঠনিডৰাতে কিবা অঘটন ঘটিছে । 

পায়েঙৰ কৌতুহলে সীমা অতিক্ৰম কৰিছে । তেওঁ যিমান পাৰে সিমান ডাঙৰকৈ চিঞৰিলে ‘ঐ, কোন ক‘ত আছহঁত , ওলাই আহ । কাঠনিডৰাত কিবা অঘটন ঘটিছে ।‘  আজি দুবছৰ মানৰ পৰা ধৰি অধিক  অঘটন কাঠনিডৰাত ঘটিছে । বনবিভাগে ইয়াৰ উপৰত কোনোধৰণৰ ব্যৱস্থা বৰ্তমানেও লোৱা নাই । পায়েঙৰ চিঞৰতো কোনো ওলাই  নাহিল । বৰ্তমান তেওঁ মাতিলেই ওলাই আহিবলৈ আছেই বা কোন ? ছোৱালীজনী বিয়া দিলে , ল‘ৰা দুটাই নগৰত সংস্থাপন লাভ কৰি তাতেই থাকে ।  সিহঁতে দেউতাকক নগৰলৈ লৈ যোৱাৰ কথা বহুবাৰ কৈছে । কিন্তু পায়েঙে এই গাঁও এৰি যাবলৈ মন নকৰে । কাৰণ  ইয়াত  তেওঁৰ তেজ- মঙহেৰে নিৰ্মিত সন্তান নাথাকিলেও তেজক পানী কৰি নিৰ্মাণ কৰা সন্তান বহুতো আছে । সিহঁতক অকলে এৰি নগৰৰ কৃত্ৰিম পৰিৱেশত কিদৰে জীৱন কটাব ? এতিয়া পায়েঙৰ লগত বনকৰা ছোৱালী এজনীহে থাকে । তাই কেৱল মোবাইলতো লৈ কিবাকিবি চাই দিনটো পাৰ কৰে , ভাত পানী কেইতা পায়েঙক যোগান ধৰে সেয়াই । এতিয়া তাই চাগৈ কাণত আনে কিবা ক‘লে শুনি নোপোৱা ৰছীডাল লগাই আছে ।  

পায়েঙৰ কেতিয়াবা এনে কথাত বিৰক্তি লাগে । তথাপি তাইক এষাৰ টানকৈ ক‘বলৈ ভাল নালাগে । যি কি নহওঁক ,মানুহজনী ঢুকুৱাৰ পিছৰ পৰা ঘৰখনত মাইকীমানুহ বুলিবলৈতো কোনোবা আছে । পুতেক-বোৱাৰীয়েকহঁত মাজে মাজে আহে । পায়েঙৰ এনে লাগে যেন তেওঁলোক কোনোবা আলহিহে । ওচৰতে থকা লাঠি এডালত ভেজা দি দি কোনমতে তেওঁ গৈ পদুলিমূখত উপস্থিত হ‘ল । গাঁৱৰ দুজনমান মানুহে কথাপাতি  পাতি খৰ-ধৰকৈ কাঠনিডৰালৈ খোজ দিছে । পায়েঙে অলপ অলপ যেন মানুহ কেইজনৰ কথা-বতৰাবোৰ  শুনা পালে । এজনে কৈছে ‘এনে এটা দিন আহিব বুলি ভৱাই নাছিলো‘ । অন্য এজনে ক‘লে ‘ভালেই আছে , আমাৰে সুবিধা হ‘ব ........। ‘ সেইজনৰ কথা শেষ নহওঁতেই অন্য এজনে কৈছে ,‘তথাপিতো বুঢ়াক কথাটো এবাৰ শুধিব লাগিছিল , কোৱা শুনিছো বুঢ়াই বহু কষ্টৰে এই কাঠনিখন নিৰ্মাণ কৰিছে ।‘ পায়েঙে বুজিবলৈ যত্ন কৰিলে তেওঁলোকে কোন বুঢ়াৰ কথা কৈছে ? তেনেতে  এজনে ক‘লে , ’কথাটো নোহোৱা নহয় পিছে , সেইকাৰণেইটো বুঢ়াৰ নামেৰে কাঠনিখনৰ নামাকৰণ কৰা হৈছে ।‘ উশাহটো সলাই পুনৰ মানুহজনে ক‘লে , ‘বুঢ়াই কেতিয়াও এনে হ‘ব নিদিয়ে ।‘ পায়েঙৰ বুজিবলৈ বাকী নাথাকিল যে মানুহকেইজনে তেওঁৰ কথাকে পাতিছে । মানুহ কেইজনে কথা পাতি পাতি বহু দূৰ পাইছে । তেওঁ মানুহকেইজনক চিনি পালে । তাৰে কোনোবা এজন বন বিভাগৰ অধিকাৰী , এজন উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক আৰু  এজন কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ । 

পদুলিটো পাৰ হৈ পায়েঙে কাঠনিডৰাৰ ফালে মূৰ কৰিলে । যিমান দূৰলৈকে পৰা যায় তেওঁ চালে । কিন্তু একো মনিব নোৱাৰিলে তাৰ পৰিৱৰ্তে কিছুমান শব্দ শুনা পালে আৰু কোনোবা সৰু ল‘ৰা এটা তেওঁৰ ফালে লৰালৰিকৈ আহি থকা দেখা পালে । ল‘ৰাটোৱে উশাহ নহলোৱাকৈ মাত লগালে , ‘বৰ..দেউতা , আপোনাৰ কাঠনিডৰা উঠাই তাত আধুনিক সাজ – সৰঞ্জাম নিৰ্মাণ কৰা উদ্যোগ এটা সাজিব বোলে ।‘ দৌৰি আহোঁতে তাৰ ভাগৰ লাগি গৈছে ,অলপ সময় ৰৈ সি পুনৰ ক‘লে , ‘মায়ে ক‘লে বৰদেউতাক খবৰটো দি আহ যা ...।’ কথাখিনি সম্পূৰ্ণকৈ কৈ শেষ হ‘বলৈ নাপাওতেই পায়েঙে ক‘লে, ’ব‘ল, মোক তালৈ লৈ ব‘ল।‘ ল‘ৰাটোৱে মন কৰিলে বৰদেউতাকে বৰ আৱেগিক হৈ কথাষাৰ কৈছে । সি বৰদেউতাকক লৈ সেইফালে খোজ দিলে ।

মূলাই কাঠনি .... । এসময়ত পায়েঙে অকলেই এই কাঠনিডৰা নিৰ্মাণ কৰিছিল । বানপানীত উটি অহা জীৱ -জন্তুবোৰ নদীৰ এটা চাপৰিত লাগি ধৰিছিল । তাত শ শ সাপ আৰু অন্য জীৱ – জন্তু গৰমৰ প্ৰকোপত মৃত্যু হৈছিল । পায়েঙ তেতিয়া ষোল্ল বছৰীয়া কৰ্মপটু যুৱক । তেওঁ সিহঁতবোৰৰ মৃত্যুত নিজৰ পৰিয়ালৰ মৃত্যু দেখিছিল । সেয়েহে তেওঁ এই সমস্যাৰ উপায় বিচাৰি গাঁৱবাসীৰ পৰামৰ্শ লয় । পায়েঙে চাপৰিত দেখি অহা দৃশ্যৰ কথা দুখ মনেৰে বৰ্ণন  কৰি সুধিলে – ‘এই সমস্যা সমাধানৰ কিবা উপায় আছেনে ?‘ তেতিয়া গাঁৱবাসীয়ে পায়েঙক বিশ্বৰ ওখ ঘাঁহজোপা ৰুবলৈ কয় । তেতিয়া ছাঁ হ‘ব আৰু জীৱ-জন্তুবোৰ গৰমৰ পৰা ৰক্ষা পৰিব । পায়েঙে তেতিয়া বিশ্বৰ ওখ ঘাঁহজোপা কি ? তাকো নাজানিছিল । পৰামৰ্শদাতাসকলে কৈছিল বিশ্বৰ ওখ ঘাঁহজোপা হৈছে বাঁহ । সেই দিন ধৰি পায়েঙে চাপৰিটোত বাঁহ ৰুইছিল । বন বিভাগৰ সহায় বিচৰাত তেওঁলোকে কৈছিল , ‘সেই শুকান চাপৰিত গছ –গছনি জীয়াই থকাটো সম্ভৱ নহয় ।‘ পায়েঙৰ নিজৰ ওপৰত অসীম বিশ্বাস আছিল । কথাতে কয় নহয় ‘মন কৰিলেই চন বাকৰি মাটিতে ধন’ । কম সময়ৰ ভিতৰতে এজোপা দুজোপাকৈ গছৰ সংখ্যা বৃদ্ধি হৈ এক অতব্য অৰণ্যত পৰিণত হৈছিল । দেশৰ লগতে বিদেশতো পায়েঙৰ ব্যাপক চৰ্চা হৈছিল । অৰণ্যত বিভিন্ন ধৰণৰ জীৱ – জন্তুৰ আগমন ঘটিছিল । কেতিয়াবা  জীৱ জন্তুবোৰে উপদ্ৰৱ কৰিছিল , কিন্তু পায়েঙে বনাঞ্চল ধংসকাৰীহে দোষাৰোপ কৰিছিল । গাঁৱবাসীয়ে বহুবাৰ অতিষ্ঠ  হৈ অৰণ্য ধ্বংস কৰিবলৈ আহিছিল । তেতিয়া পায়েঙে কৈছিল, ’প্ৰথমতে মোক কাট ,তাৰ পিছতহে গছ কাট ।‘ চৰকাৰে পায়েঙক বিভিন্ন সন্মানেৰে সন্মানিত কৰিছিল । তেওঁক অৰণ্য মানৱ আখ্যা দিয়া হৈছিল । পায়েঙৰ মতে এইবোৰ দেশৰ চৰকাৰে উপায়বিহীন হৈ প্ৰদান কৰিছিল । বিদেশ চৰকাৰেহে তেওঁক প্ৰথমবাৰৰ বাবে স-সন্মানেৰে তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছিল । 

                        সেই সকলোবোৰ কথা যে ভ্ৰান্ত নহয় সেয়া তেওঁ যোৱা দুবছৰমানৰ পৰা প্ৰতিমূহুৰ্তত উপলব্ধি কৰিছে । পায়েঙে বয়সৰ ওচৰত যেতিয়া হাৰ মানিলে তেতিয়াৰ পৰা কাঠনিখনত সঘনাই অঘটন ঘটিছে । যোৱাটো বছৰত পায়েঙৰ পত্নীৰ মৃতদেহ গুলিবিদ্ধ অৱস্থাত হাতী পোৱালি এটাৰ সৈতে উদ্ধাৰ  হৈছে । কিমান বাঘ, গঁড় ,চৰাই – চিৰিকটিৰ অকালতে প্ৰাণ কাঢ়িছে তাৰ সীমা সংখ্যা নাই । আজি আকৌ এইবোৰ কি হৈছে ? মানুহে ভাবে নেকি যে পৃথিৱীখন কেৱল আমাৰ বাবে । ইয়াত অন্য জীৱ – জন্তুৰ কোনো অধিকাৰ নাই ? কথাবোৰ ভাৱি ভাৱি পায়েঙে সৰু ল‘ৰাটোৰ সহায়ত ঘটনা স্থানলৈ গৈ আছে । এনে লাগিছে তেওঁ যেন সেই ঠাইলৈ যাবৰ বাবে পৃথিৱীখনৰ পৰিক্ৰমা কৰিব লগা হৈছে । 

                      অৱশেষত তেওঁ ঘটনা স্থানত উপনীত হ‘ল । তেতিয়া ভৰ দুপৰীয়া । বেলিটো সম্পূৰ্ণ মূৰৰ ওপৰত অৱস্থান কৰা বাবে নিজৰ ছাঁটো দেখা নাছিল । তেওঁৰ এনে লাগিল সমগ্ৰ অৰণ্যখনে তেওঁৰ আগমনত যেন স্বস্তিৰ নিশ্ৱাস পেলাইছে । কিন্তু পায়েঙে কৰিব কি ? এই আধুনিক মানুহবিলাকৰ ওচৰত তেওঁৰ গুৰু- গম্ভীৰ চিন্তা – ধাৰণাই কোনো প্ৰভাৱ বিস্তাৰ নকৰে । তেওঁলোকে ইয়াত প্ৰথমতে এটা কাঠৰ মিল বহাব । তাৰ পিছত বিভিন্ন  ধৰণৰ উদ্যোগ বহুৱাব । পায়েঙে ভাৱিলে এই মানুবোৰক বুজাই একো লাভ নাই । তাৰ পৰিৱৰ্তে তেওঁ নিজকে অৰণ্যখনৰ লগতে শেষ কৰি দিব । তেওঁৰ মনত দোমোজাৰ সৃষ্টি হ‘ল যে তেওঁ কাক ৰক্ষা কৰিব ? তেনেতে তেওঁ অৰণ্যৰ বুকুত শুই পৰিল । মানুহবোৰে কেৱল নিজক লৈ ব্যস্ত হৈ আছে । যি হয় হ‘ব , দেখা যাব ’ একমাত্ৰ সৰু লৰাটোৱে বৰদেউতাকৰ লগতে এই ধ্বংসকাৰী অভিযান ৰক্ষাৰ্থে মাটিত সাবটি ধৰিলে । এই কাৰ্যত যেন  অৰণ্যখনে সাহসৰ সন্ধান পালে । হঠাৎ বতৰৰ অভাৱনীয় পৰিৱৰ্তনে দেখা দিলে । আকাশখন মেঘাছন্ন হৈ পৰিল । আকাশৰ পৰা পানীৰ এটা টোপাল আহি পায়েঙৰ কপালত পৰিছে । কপালৰ পানীটোপাল বাগৰি তেওঁৰ চকুলোৰে সৈতে একাকাৰ হৈ অৰণ্যৰ বুকুত বিয়পি পৰিছে । চকুপানীৰে পায়েঙৰ শিতানৰ গাৰুটো সেমেকি উঠিল । তেওঁ টোপনিৰ পৰা সাৰ পালে । সঁচাকৈয়ে তেওঁৰ দুচকুৰে চকুলো নিগৰি আছে । তেতিয়া  ৰাতি দুই বাজিছে । ঘৰৰ ওচৰৰে গছ এজোপাৰ ডালত বহি ফেঁচা চৰাইটোৱে এক শিহৰণকাৰী মাত মাতিছে ....।

Post a Comment

0 Comments