শিৰোনাম- হতাশা, ফ্ৰানৎস কাফকা আৰু নীলমণি ফুকন ইত্যাদি  ◼কৃষ্ণা বৰা   মৰিগাঁও

শিৰোনাম- হতাশা, ফ্ৰানৎস কাফকা আৰু নীলমণি ফুকন ইত্যাদি

◼কৃষ্ণা বৰা
  মৰিগাঁও

আজিৰ পৃথিৱীৰ অধিকাংশ মানুহক দেখা যায় অনবৰতে উদ্বিগ্ন হৈ ঘুৰি ফুৰা। মানসিক চাপ, উত্তেজনাই এফালৰ পৰা কোঙা কৰি অহা মানৱ সমাজক বৰ্তমান আটাইতকৈ বেছি প্ৰয়োজন মানসিক সুস্থিৰতাৰ। সময়ৰ সৈতে খোজ মিলাবলৈ গৈ উদ্বেগ-উৎকণ্ঠাক লগৰী সজাই লোৱা আমি প্ৰায় পাহৰিয়ে পেলাইছো নিজৰ ভিতৰুৱা সমস্যা সমাধান কৰাৰ পথসমূহ। কুৰি শতিকাৰ প্ৰায় প্ৰথমভাগৰ পৰা আধুনিকতাবাদী প্ৰত্যেকজন ব্যক্তিয়েই কম-বেছি পৰিমাণে হ'লেও হতাশা, অসহিষ্ণুতাৰ বলি হৈছে। ইয়াৰ ভিতৰত আৱেগজনিত নিয়ন্ত্রণ হেৰুৱাই পেলোৱাৰ ক্ষমতাকো ধৰি লোৱা হৈছে, তাকো প্ৰচণ্ডভাৱে। কেৱলমাত্ৰ আমেৰিকাতেই প্ৰতিবছৰে আঠকোটি এম্ফিটেমিন টেবলেট প্ৰস্তুত কৰা হয়। যাৰ দ্বাৰা টোপনি কম-বেছি কৰা, ওজন কমোৱা আৰু লগতে মানুহক নিচাৰ দাসত পৰিণত কৰাৰ দৰে কাৰ্য নজনাকৈ সংঘটিত হৈ আহিছে। এজন চাপত নথকা সাধাৰণ মানুহ হ'ল মনেৰে, স্বাস্থ্যৰে এজন পৰিপূৰ্ণ মানুহ। আৰু তেনে মানুহেই প্ৰতিটো পদক্ষেপত নিশ্চিত সাফল্যৰ দিশে আগুৱাই যাবলৈ সক্ষম।
                         এতিয়া আহো কাফকাৰ কথালৈ । প্ৰাক ঊনবিংশ শতিকাত সাহিত্য জগত তোলপাৰ লগোৱা এইগৰাকী সাহিত্যিক আছিল আজীৱন বিচ্ছিন্নতা-নিসংগতা আৰু নিৰাশাৰ সংগী। একচল্লিছ বছৰীয়া  কাফকাই তেওঁৰ (১৮৮৩-১৯২৪) চমু জীৱনকালত দুধৰ্ষ জীৱন মলিনতাৰ বলি হৈ নিজৰ সকলো ৰচনাৱলী নষ্ট কৰি পেলাবলৈ উদ্যত হৈ পৰিছিল। প্ৰায় সমূহ লিখনিতে সুগভীৰ প্ৰতীকধৰ্মিতা, মায়াময় জগত,ভীৰু, অসহায়তা আদি প্ৰতিফলিত হোৱা স্বত্তেও আজি পৰ্যন্ত সাহিত্যনুৰাগীসকলক আহ্লাদিত কৰি আহিছে। নিজৰ হতাশাময় অৱস্থাক নতশিৰে গ্ৰহণ কৰি তেওঁ নিজৰ ডায়েৰীত লিখিছিল, "মই জৰাজীৰ্ণ ঠাইৰহে বাসিন্দা হ'ব লাগিছিল, য'ত কাউৰীৰ কা-কা শব্দ, শীতল জোনৰ পোহৰ, ডেই-পুৰি নিয়া ৰ'দৰ উত্তাপৰ মাজত হয়তো মোৰ সুপ্ত গুণবোৰ নল-খাগৰিৰ দৰে বাঢ়িলেহেতেন।" হতাশাগ্রস্ত ফ্ৰানৎস কাফকা আছিল প্ৰচণ্ডভাৱে মায়া বাস্তৱবাদ(Magic Realism)ত বিশ্বাসী । সেয়েহে কিছু সমালোচকে তেওঁক স্কিজ'ফ্ৰেনিয়াৰ দৰে গুৰুতৰ মানসিক ৰোগৰ ৰোগী বুলি অভিহিত কৰিছিল। চকুলৈ চাই কথা পাতিব নোৱাৰা, চিৰদিন ভীতসন্ত্রস্ত হৈ থকা কাফকাৰ সমাজ বিচ্ছিন্ন ৰহস্যৰ পথাৰখনক এক স্কিজ'ফ্ৰেনিক জগত বুলি আখ্যা দিয়া হৈছিল। ইয়াৰোপৰি তেওঁৰ 'গ্ৰেগৰ চামচা' চৰিত্ৰটো প্ৰতিজন মানুহৰে বিচ্ছিন্নতা আৰু হতাশাৰ আজীৱন লগৰীৰ প্ৰতীক হিচাপে ধৰা হয়। বিফল বৈবাহিক জীৱন কটোৱা কাফকাৰ দ্বাৰা প্ৰেয়সীলৈ লিখা চিঠিসমূহো বৰ্তমান বিশ্বসাহিত্যৰ বিৰল সম্পদ। 'দা ট্ৰায়েল' উপন্যাসক কাফকাৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি হিচাপে ধৰা হয়। অদ্ভুত কল্পনা আৰু আত্মগ্লানিৰ এক ক্ষত-বিক্ষত মানসিক উপস্থাপন হৈছে এই উপন্যাসখন। জীৱন যুদ্ধত বাৰে বাৰে হাৰি যোৱা কাফকাই কেনেধৰণেৰে নিজক উপস্থাপন কৰি বিশ্বসাহিত্যত নাম ৰাখি থৈ গ'ল সেয়া নিঃসন্দেহে প্ৰশংসনীয়।
                          নীতিবোধ, উচ্চ প্ৰমূল্য, আদৰ্শ, দীর্ঘকালীন লক্ষ্য আৰু মানুহৰ ভাবানুভূতিৰ প্ৰতি মনোযোগ-- এইসমূহ ৰূপান্তৰকামী আৰু আশাবাদী নেতৃত্বৰ বৈশিষ্ট্য। এই ধৰণৰ আশাই আন মানুহক ব্যতিক্রম ধৰণে প্ৰভাৱিত কৰে আৰু বহুবেছি কাৰ্য সাধন কৰিবলৈ সমৰ্থ আনি দিয়ে। হতাশাক জয় কৰি আগবাঢ়ি যোৱা এনে চিন্তাধাৰা সমাজক অনুপ্রাণিত কৰিব পৰা এক সৰ্বাত্মক কাৰ্যপন্থা।
                            উদাহৰণস্বৰূপে, সাম্প্রতিক কালৰ অন্যতম শ্রেষ্ঠ অসমীয়া কবি নীলমণি ফুকনৰ কবিতাত সুদৃশ্য জীৱনবোধ  আৰু স্বচ্ছন্দ গতি দেখা পোৱা যায়। তেখেতৰ "তুমি মোৰ" কবিতাটো_

তুমি মোক হাত এখনকে দিলা/
যিখন হাতেৰে তুমি তুলি লৈছিলা/
অশ্বাৰোহী সৈন্যদলে গছকি যোৱা/
প্ৰথম বসন্তৰ সূৰ্য/

তোমাক মই দিওঁ কি/খৰিকাজাঁই ফুল এপাহি আনিছিলো/
কলিজাত বাছি/চিঙি লোৱা তোমাৰ সেইখন হাততে পিন্ধি/
ইয়াত কবি ফুকনে তেওঁক ভাস্কো পাপাই নিজ হাতেৰে নিজৰ হাত এখন আঁকি দিয়াৰ প্ৰসংগটো উল্লেখ কৰিছে। হাতখন! জীৱন্ত শিল্পকলা আৰু জীয়াই থকাৰ হেপাহঁৰ সুখৰ ৰহণ। ঠিক সেইদৰে উশাহত সেউজীয়া/ এজাক বতাহ লৈছো/
মোৰ ভিতৰৰ পৰা মোক/ হাত বাউলি মাতিছে/
তেওঁৰ লিখনিত স্বেচ্ছাকৃত কৃচ্ছ্রসাধনৰ পৰ্যায় পাৰ হৈ প্ৰয়োজন অনুসৰি জীৱন জীয়াৰ মন্ত্র পাঠ কৰিছে। হীৰুদাৰ ভাষাত, "মুক্ত জীৱনৰ তেজস্বিতা, পৰিপূৰ্ণতা, ফলধাৰণ, প্ৰাচুৰ্য, এপিনে বতাহত নাচি থকা শস্যৰ  থোক হেন জীৱন আৰু আনপিনে আকাংক্ষা পূৰণৰ বাবে চিকমিকাই উঠা আশা কৃপানৰ ৰূপত ফুটি উঠিছে। "

                  হাতত খোলা তৰোৱাল লৈ আহিবা/
                  বেদনা যি তৰোৱালৰ ধাৰ/

কাফকাৰ তুলনাত জীৱন-মৃত্যুৰ আৱহমান অন্তহীন ছন্দ ফুকনৰ এক নিবিড়তম আৰু ঘনিষ্ঠতম উপলব্ধি। হীৰুদাৰ সংকলনত ফুকনদেৱে ঠাই পাইছে এনেদৰে, " তেওঁ যি আংগিকেই ব্যৱহাৰ নকৰক, কাব্য জীৱনৰ আগৰ পৰা গুৰিলৈকে কেতবোৰ মৌলিক অনুভূতি তথা বিশ্বাস তেওঁৰ জীৱনবোধ আৰু কাব্য জগতৰ প্ৰধান ভিত্তি। মাজে মাজে আতংক আৰু যন্ত্রণাত তেওঁ ভাগি পৰে। কিন্তু অৱশেষত প্ৰশান্তচিত্তে আকৌ একেই বিশ্বাস অনুভূতিবোৰলৈকে উভতি আহে- ধুমুহাৰ তাণ্ডৱৰ পিছত হাহিঁ থকা নিবিড়, গভীৰ সাগৰৰ দৰে। যন্ত্রণাময় নিঃসংগতাৰ দিনতো তেওঁ উপলব্ধি কৰিছিল, নিঃসংগতা মানুহৰ দৈব নহয়। জীৱনৰ সাৰ্থকতা হ'ল সদায় নিঃসংগতাৰ পৰা, অবিচ্ছিন্নতাৰ পৰা মুক্তিত থকাটো।
মুঠৰ ওপৰত কাফকা হওঁক, যি জীৱনৰ অমোঘ পথত হাৰি গৈয়ো হাৰি নগ'ল। নাইবা কবি নীলমণি ফুকন হওঁক, যিয়ে  জীৱনটো যে সদায় উপভোগ্য তাক প্ৰকাশ কৰিলে। সকলোৱে সকলোৰ প্ৰেৰণা হওঁক। পৃথিৱীৰ এই অসুখৰ সময়ত, হতাশাৰ দিনত জীৱনক নতুনকৈ চাবলৈ শিকি লওঁহক।