সময়
প্ৰনব জ্যোতি দাস,
উত্তৰ লক্ষিমপুৰ
পাৰ হৈ যায় সময়
এটি এটি উশাহ যেন
বৰ যন্তনা দায়ক,
বৰ কঠিন এই সময় !
তুমি যে নাই কাশত,
তোমাৰ স্মৃতি বোৰৰ
শুৱৰী শুৱৰী মই
ভাগৰী পৰিছো,
নিজকে পাগল পাগল লাগে কেতিয়াবা,
কি প্ৰয়োজন আছিল
ইমান ভালপোৱাৰ
কিয় দেখুৱাইছিলা ইমান সপোন
দিঠক কৰাৰ যদি হেপাপেই নাছিল
......
এতিয়া তোমাৰ সেই ভালপোৱাৰ
কত হেৰাল,
কত গল
তোমাৰ সেই প্ৰতিশ্ৰুতি বোৰ !
তোমিয়ে টো কৈছিলা
“উশাহ থকালৈকে থাকে
মই তোমাৰ হৈ থাকিম !”
এতিয়া কত গল
তোমাৰ সেই প্ৰতিশ্ৰুতি বোৰ !
বুকুখন বৰ বিষায় অ
বৰ কৈ বিষায়...
হৃদয় খন কেতিয়াবাই শুকাল,
মাঠু এটি মন,
যত কাহানিও নোফুলে আশাৰ পাৰিজাত,
আছে
অবোজ বেদনা, তুমি হীনতাৰ...
কি জানো, হয়তু তাৰ ঠিকনাই আছিল
মোৰ এই অবোজ হৃদয় !!

0 Comments