নজনাকৈ হোৱা ভুলবোৰ
কেতিয়াবা ডাৱৰ উঠে
উমলি থকা জোন-তৰাৰ
পোহৰখিনি সামৰি
ক'লীয়া কৰে আকাশ।
কেতিয়াবা শিল হৈ বৰষুণ নামে
অজানিতে কোমল ঘাঁহৰ
আগবোৰ চিঙে
কলৰ পাত চিৰাচিৰকৈ ফাঁটে।
কেতিয়াবা উন্মনা হৈ বতাহ বলে
গছৰ আগত থকা
শিমলুতুলাবোৰক অঘৰী কৰে।
কেতিয়াবা............
কেতিয়াবা নভবাকৈয়ে হয় ভুলবোৰ
ভুল বুলি নজনাকৈয়ে ফুলে ফুলবোৰ।
জোন-তৰাৰ পোহৰ হেৰায়,
কোমল ঘাঁহ আৰু কলাপাতে বিষত কেঁকায়,
অঘৰী শিমলুতুলাই বাট হেৰুৱায়।
ডাৱৰ, বৰষুণ আৰু বতাহে
এইবোৰ গমকে নাপায়।
নজনাকৈ হোৱা ভুলবোৰে
এদিন ডাৱৰ-বৰষুণ আৰু বতাহক
নিজানত গুপুতে কন্দুৱায়।
মহেন্দ্র য়েইন
- মাছখোৱা, ধেমাজি

0 Comments