মিচিং জনসাহিত্যত 'ঐনিঃতম'
✍ মন্টুৰাম টাইদ
মিচিং সাহিত্যত ঐনিঃতম সম্পৰ্কে আলোচনা কৰিবলৈ জন সাহিত্যনো কি সেই বিষয়ে চমুকৈ উল্লেখ কৰি লোৱাৰ প্ৰয়োজন । কাৰণ জনসাহিত্য আৰু ঐনিঃতমৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । জনসাহিত্যৰ উৎপত্তিগত অৰ্থ হ'ল জনসমাজৰ সঞ্চিত অভিজ্ঞতা তথা জনজীৱনত লাভ কৰা জ্ঞান ।
মিচিং সকলৰ জনসাহিত্যত ভঁৰাল বৰ চহকী । অসমৰ অন্যান্য জনগোষ্ঠীৰবোৰৰ নিচিনাকৈ মিচিং সকলৰো নিজৰ কৃষ্টি- সংস্কৃতি আছে । মিচিংসকল সাধাৰণতে কৃষিজীৱী , কৃষিজীৱী হোৱাৰ হেতুকে সাধাৰণতে তেওঁলোকে খেতি পথাৰত গৰু, ম'হ চৰাওতে হৃদয়ত সৃষ্টি হোৱা বেদনা, আৱেগ,অনুভূতি সমূহ ইয়াৰ জৰিয়তে দূৰ কৰে । এইবোৰৰ কিছুমান মৌখিক ৰূপত সৃষ্টি হৈ বিস্তৃত ৰূপ লাভ কৰে । এনে ধৰণৰ মৌলিক মাত কথাবোৰকে লোগ গীত আখ্যা দিয়া হয় । লোকগীতসমূহৰ কোনো লিখিত ৰূপ পোৱা নাযায় বা ৰচকৰ নামো পোৱা নাযায় । ই মৌলিকভাৱে প্ৰচলিত । মিচিং লোকগীত সমূহৰ প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি ।
১/ কাবান
২/ মিবু আঃবাং
৩/ নিঃতম আৰু
৪/ ঐনিঃতম
১/ কাবানঃ
কাবান নিঃতম মিচিং সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত এক শ্ৰেণীৰ বৈশিষ্ট্যপূৰ্ণ গীত । এইবোৰ কোনো অখ্যাত চহা কবিৰ দ্বাৰা ৰচিত কৰুণ- সুৰ সংমিশ্ৰিত বিননিমূলক গীত । এইবোৰ প্ৰধানকৈ প্ৰেম-প্ৰীতিৰ বিৰহ-মিলন, হৰ্ষ - বিষাদ , বাস্তৱ জীৱনত লাভ কৰা অনুভূতি আদিৰ অভিব্যক্তি দেখা যায় । কাবানবোৰ সাধাৰণতে দুই প্ৰকাৰৰ । যেনে -
( ক) মঃব কাবান আৰু (খ) দঃব কাবান ।
উদাহৰণ - "Br: dum Dr:lumno boggo boggala
Ngokké miksic drngab ma:boné.
২/ মিবু আঃবাংঃ
আঃবাং মিচিং সমাজত পৰম্পৰাগতভাৱে বিশ্বাস কৰি অহা এক শ্ৰেণীৰ পুৰোহিত আছে , যিসকলক মিবৃ' আৰু 'মিবু' বুলি জ্ঞান কৰা হয় । মিচিংসমাজৰ বিশ্বাস মতে বিবৃ বা মিবু লোকসকল দেৱতাৰ প্ৰকাশৰ মাধ্যম স্বৰূপ আৰু তেওঁলোক দৈৱ শক্তিৰ দ্বাৰা মানুহৰ অতীত , বৰ্তমান আৰু ভৱিষ্যতৰ কথা ক'ব পাৰে । মিচিং লোকসাহিত্যৰ সাধক সমাজত অকল পুৰোহিত হিচাপেই স্হান আছে এনে নহয় , তেওঁলোক যুগ যুগ ধৰি মিচিং লোক জীৱনৰ কল্যাণ সাধক । মিবুসকলে ঐশ্বৰিক শক্তিৰ দ্বাৰা ব্যক্ত কৰা তিনিও কালৰ বাণীসমূহ মিচিং জনজীৱনত ইমান ফলিয়াই যে, আজি কুৰি শতিকাৰ সভ্যতাৰ চৰম সীমাত উপনীত হৈয়ো মিচিং সমাজে মিবু সকলৰ ওপৰত গভীৰ আস্হা ৰাখিছে ।
আবাং হ'ল মিবুসকলে দেও উঠোতে সুৰ ধৰি মতা একশ্ৰেণীৰ শ্লোক । যি শ্লোকত মিবুসকলে মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সুখ-দুখ , অপায় - অমংগল আদি প্ৰকাশ কৰে । সাধাৰণতে দেখা যায় আবাঙত মিচিং জাতিৰ সৃষ্টিতত্বৰ লগতে ধৰ্মীয় পৰম্পৰা , মাংগলিক বিধি - বিধান আদি বিষয়ৰ প্ৰকাশ ঘটে । কোনোৱে আবাঙত প্ৰত্ন অসমীয়াৰ নিদৰ্শন চৰ্য্যা বুৰঞ্জী বুলিও ক'ব খোজে ।
উদাহৰণ - Pékama kamdung a kolopi kolopi
Kumdunga lv:tunga kolopu koloi.
৩/ নিঃতমঃ
নিঃতম বা আবেঃ মিচিং লোকসমাজত ইপুৰুষৰ পৰা সিপুৰষলৈ মুখে মুখে বাগৰি অহা এনে কিছুমান গীত বা নিঃতম বা আবেঃ আছে, য'ত মিচিংলোকৰ সাহিত্য সংস্কৃতিৰ প্ৰতিফলন ঘটে ।
উদাহৰণ- Lé:lé rén:ya /ao kí:bo lérliya
V:ré pongivré léreliya.
৪/ ঐনিঃতমঃ
মিচিং লোকগীতসমূহৰ ঐনিঃতম আটাইতকৈ জনপ্ৰিয় লোকগীত ।
ঐনিঃতমৰ শব্দগত অৰ্থ হ'ল-ঐ-মানে হৈছে প্ৰিয়তমা, চেনেহী বা কনিষ্ঠজনক সম্বোধন কৰা । নিঃতম শব্দৰ অৰ্থ বা নিঃ ধাতুৰ লগত তম প্ৰত্যয় যোগ কৰি নিঃ শব্দৰ সূত্ৰপাত হৈছে । নি বা নিং ধাতুৰ অৰ্থ হ'ল নিচুকা বা সান্ত্বনা দে । প্ৰবোধদে তম প্ৰত্যয়টো সাধাৰণতে কাৰোবাক উদ্দেশ্য কৰি গোৱা গীত ।
ঐনিঃতমও মিচিং সমাজৰ এখন সুন্দৰ প্ৰতিছবি দেখা যায় । তাৰোপৰি প্ৰকৃতিৰ অফুৰন্ত বিচিত্ৰতাত তেওঁলোকৰ মন উৎফুল্লিত হৈ পৰে । প্ৰকৃতিৰ সৌন্দৰ্য সুষমাত নিজকে তেওঁলোকে আৱিষ্কাৰ কৰে । ঐনিঃতমত যৌৱনৰ অবুজ মনৰ দূৰন্ত গতিৰ প্ৰকাশ হৈ হৃদয়ৰ সঞ্চিত ভাৱ ৰাখি ভেটা ভাঙি ওলাই আহে ।
কিছুমান ঐনিঃতমত প্ৰেমিকাক উদ্দেশ্য কৰি গায় -
গৰু হালৌম লাগিমাং মেনজেগ
আলৌম লাগিমা
মৌনাম অইনম পামি'ল কুয়াব
তাগলা দবয়ৌ ।
_______________________________
গৰু হাল ও নালাগে ম'হৰ
হাল ও নালাগে
চেনাই ধন তোমাক পালেও মই
কোৰ মাৰি খুৱাম ।
_________________________
আকৌ- প্ৰিয়জনৰ লগত বিচ্ছেদ হ'লে প্ৰমিকাই মনৰ বেজাৰত গায়-
আচি জিলি জিলিক
মিকচৌ ( Míksí) জিলি জিলিক
আচৌ জিলি পিনদাগ গম
মিকচৌ জিলি পৌনমায়ে _______________________________
পানীৰ নিজৰাও নিজৰা
চকুৰ পানী নিজৰাও নিজৰা
নদীৰ পানী শুকালেও
চকু পানী নুশুকাই
ঐনিঃতমবোৰ যে কেৱল প্ৰেম বিৰহৰ গীত এনে নহয় আনন্দ , উলাহতো ঐনিঃতম গোৱা হয় । গোমৰাগ চঃমানতো এই গীতসমূহে পৰিৱেশন কৰা হয় ।
ঐনিঃতম সমূহৰ দ্বাৰা প্ৰেম , যৌৱনৰ আনন্দ বিষাদ , দুখ বেদনা প্ৰকাশ কৰাৰ উপৰিও এই গীতসমূহৰ দ্বাৰা মিচিং জনসমাজৰ এখন সুন্দৰ প্ৰতিছবি দাঙি ধৰে আৰু এইবোৰ মিচিং জনসাহিত্যৰ অমূল্য সম্পদ ৰূপে চিহ্ন হৈ আহিছে ।
সময়ৰ সোঁতত এনে লাগে যেন আজিকালি ঐনিঃতমত আগৰ সেই সুৰ নাই , সেই কথা নাই । লাহে লাহে গোলকীকৰণত আমি হেৰুৱাই পেলাইছো নেকি নিঃতমৰ সৰলতা আৰু সৌন্দৰ্যতা ?
বিডিঅৰ ৰুপত, চাওঁক

0 Comments