মিচিং ভাষা শিক্ষক নিযুক্তি আৰু মাধ্যম* ◼হৰেন কপ্তাক,ধেমাজি

 

মিচিং ভাষা শিক্ষক নিযুক্তি আৰু মাধ্যম*                 ◼হৰেন কপ্তাক,ধেমাজি

*মিচিং ভাষা শিক্ষক নিযুক্তি আৰু মাধ্যম*
                ◼হৰেন কপ্তাক,ধেমাজি
       অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী বুলি নিজকে পৰিচয় দিয়া মিচিংসকলৰ ভাষাটো সঁচাকৈ জীয়াই থাকিবনে? যদিহে শিক্ষাৰ মাধ্যমৰ আওতাৰ বাহিৰত যায়? ১৯৮৫/৮৬ চনতেই মিচিং ভাষাটোক পৰীক্ষামূলকভাৱে প্ৰাথমিক পৰ্যায়ত প্ৰবৰ্তনৰ বাবে যি ২৩০ গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও ভাষাটো প্ৰাথমিক পৰ্যায়ত সম্পূৰ্ণ হৈ নুঠিল৷ শেষত সাধাৰণ পদলৈ বদলি কৰি কৰি গুচি যোৱাৰ ঘটনা সংঘটিত হোৱা আমি দেখিবলৈ পালো৷ এতিয়াও মিচিং ভাষা প্ৰবৰ্তনৰ বাবে ফুচ্ ফুচনি শুনিবলৈ পাইছো বোলে মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ৰ বাহিৰত  যেনে-নলবাৰী,ধুবুৰী,
নগাঁও,বঙাইগাঁও,গোৱালপাৰা আদিৰ দৰে ঠাইবোৰত যিমানবোৰ মিচিং জনগোষ্ঠীৰ টেট উত্তীৰ্ণ শিক্ষক আছে তেওঁলোকক উভতাই আনি মিচিং অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়বোৰত মিচিং ভাষা শিক্ষক হিচাপে নিযুক্তি দিয়াৰ বুবু-বাবা চলিছে৷ কিন্তু এইসকল শিক্ষকৰ বাহিৰে যদিহে সুকীয়াকৈ মিচিং টেটৰ দৰে পৰীক্ষা অনুষ্ঠিত কৰি মিচিং ভাষা শিক্ষক নিযুক্তিৰ কথা চিন্তা কৰা যায় তেতিয়াহে ভৱিষ্যতে মিচিং ভাষা উন্নতি হোৱাৰ থল আছে,অন্যথা মিচিং ভাষাৰ শিক্ষকৰ জ্ঞানেই নাই মিচিং সাহিত্য সভাৰ দ্বাৰা অনুষ্ঠিত হোৱা মিচিং ভাষা জ্ঞান পৰীক্ষাত উত্তীৰ্ণ হোৱা দক্ষতাৰ প্ৰমাণেই নাই তেন্তে কিদৰে সাধাৰণ টেটত উত্তীৰ্ণ টেট শিক্ষকসকলে মিচিং ভাষা পঢ়ুৱাব?
মিচিং নিৱনুৱাসকলৰ বিষয়েও চৰকাৰে অলপ চিন্তা কৰা উচিত বুলি ভাবো কিয়নো বাহিৰত কৰ্মৰত টেট শিক্ষকসকলটো সংস্থাপন লাভ কৰিলেই,তাৰ বাহিৰেও যদি সুকীয়াকৈ মিচিং টেট অনুষ্ঠিত কৰি মিচিং শিক্ষক নিযুক্তি দিব পৰা যায় তেতিয়া কম কম প্ৰায় ১৫০০/১৬০০ হলেও মিচিং নিৱনুৱা লোকো সংস্থাপন হ’ব বুলি ভাবো৷ কিন্তু ইয়াকে নকৰি যদিহে মিচিং ভাষা পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ বাহিৰে অন্য প্ৰাৰ্থী নিযুক্তি দিয়াৰ কথা ভাবিছে তেন্তে ই মিচিং নিৱনুৱাসকলৰ মাজত কুঠাৰাঘাত কৰা যেন হ’ব! আৰু যদিহে মিচিং সাহিত্য সভাই অনুষ্ঠিত কৰা মিচিং ভাষা জ্ঞান পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই সুবিধাৰপৰা বঞ্চিত হৈ অন্য সাধাৰণ টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পায় তেন্তে MAKয়ে স্বাক্ষৰ সম্বলিত প্ৰদান কৰা মিচিং ভাষা জ্ঞান পৰীক্ষাৰ প্ৰমাণ পত্ৰ আৰু মাৰ্কশ্বীটসমূহক জ্বলাই দিয়াৰ বাহিৰে উপায় নাথাকিব৷ সেয়েহে সাপো মৰক লাঠিও নাভাঙক এই বাক্যশাৰী সাৰোগত কৰি আগবাঢ়িলেহে মিচিং ভাষা জীয়াই থাকিব,অন্যথা মিচিং ভাষা কোনো পধ্যেই উন্নতিৰ জখলা বগাব নোৱাৰিব সেয়া মোৰ দৃঢ় বিশ্বাস৷

Post a Comment

0 Comments