কৈশোৰৰ পৰা যৌৱনৰ সময়ছোৱাত নগৰীয়া বতাহ খাইছোঁ যদিও শৈশৱতেই গাঁৱৰ মলয়াজাকে মোৰ মন-প্ৰাণ ওৰেটো জীৱনৰ বাবে শীতলাই থৈছে। তাহানি পথাৰে-সমাৰে, বাৰীয়ে-হাবিয়ে পিনপিনাই ফুৰোঁতে কোনোবাটো মূহুৰ্তত হঠাৎ মিঠা সুগন্ধি এটা নাকত লাগি ধৰে। দীঘলকৈ উশাহ টানি বুকুৰ মাজত সোমোৱাই লওঁ, সুগন্ধিটো। ভাবিছে চাগে' নহয়, সুগন্ধিটোনো কিহৰ ?
গাঁৱৰ বাৰীয়ে-হাবিয়ে কিছুমান ফুল ফুলে। কদম, মালতী, চম্পা, খৰিকাজাঁই, কেতেকী, কপৌ আদি ফুলে গোটেই হাবিখন আমোলমোলাই ৰাখে। মই মন কৰিছিলোঁ, ফুলবোৰ নিজে নিজেই ফুলে, নাই পানী, নাই সাৰ। আনকি কিছুমান ফুলতো চেঁচুকতে ফুলে। সাৰ-পানী নোহোৱাকৈ, মানুহৰ পৰিচৰ্যা নোপোৱাকৈ কি ৰমকজমককৈ ফুলে, ফুলবোৰ ! এই বনৰীয়া ফুলবোৰৰ সুগন্ধিৰ উপমা দিব পৰাকৈ এতিয়া মই অসমৰ্থ। সিহঁতে নিজেই গঁজালি মেলে, নিজেই ফুলে, এসময়ত নিজেই মৰহি যায়। ওজৰ নাই, আপত্তিও নাই। আমাৰ পৰিচৰ্যা নোপোৱাৰ অভিমানো নাই। অথচ এখন বিয়াগোম হাবি, এখন অটব্য অৰণ্যত অকলেই বিয়পাই দিয়ে এগালমান সুগন্ধি। আজি দহ-পোন্ধৰ বছৰে এই হাবিৰ মাজৰ ফুলবোৰ দেখা নাই, দেখিবলৈ হাবিলৈও যোৱা নাই। এতিয়া ফুল বিচাৰি মই নাৰ্চাৰীলৈ যাওঁ, শ-শ টকা দি কিনি আনো ডালিয়া, হিবিছকাছ্ আদি বিবিধ ফুল। এইবোৰ সংবেদনশীল, সাংঘাতিক স্পৰ্শকাতৰ। চুলেই মৰহি যায়। উপযুক্ত ছাঁ লাগে, সাৰ লাগে, পানীও লাগে। কিন্তু এটা কথা মন কৰোঁ, এই কৃত্ৰিম অভিজাত ফুলবোৰৰ সুগন্ধি কম, কিছুমানে এধানমানো সুগন্ধি বিলাব নোৱৰাকৈ অক্ষম। এইবোৰৰ আকৰ্ষণ এটাই, ৰমকজমক পাহিবোৰ !
বনৰীয়া ফুল.◼মহেন্দ্র য়েইন,সাহিত্যৰ ডেউকা
জীৱনৰ এই চৌবিশটা বছৰে বুজিছোঁ, আমাৰ মাজতো বহুজন এই দামী সংবেদনশীল ফুলবোৰ হৈ জীয়াই আছে, থাকি ভাল পায়।
আকৰ্ষণীয় তেওঁলোক। চ'ৰাঘৰত এইবোৰ ফুল থমথম মদনগোপাল হৈ ফুলদানিত বহি থাকে। এই ফুলৰ সকলোতে নাম, সকলোতে দাম। সহজে চুব নোৱাৰি, সংকোচ হয়। অথচ যদি চুই দিওঁ, নিমিষতে মৰহি যায়। এক ভুৱা সৌন্দৰ্য লৈ ফুলি থাকে, অসূৰ্যস্পৰ্শা হৈ। তাৰ মাজতো এতিয়াও জীয়াই আছে এচাম মানুহ, বনৰীয়া ফুল হৈ। নিজেই ফুলে, মৰহে ; কিন্তু কিবা এক সাংঘাতিক ধৰণৰ মিঠা গোন্ধ বিলাই আমোলমোলাই তোলে চৌপাশ। অথচ এই ফুলক কোনেও নোপোচে, বনতে ফুলি বনতে মৰহে। কিন্তু বনৰীয়া ফুল নুফুলিলেই ব'হাগ নাহে, কুলিয়ে নামাতে, উকা হয় পৃথিৱী। আনকি সুগন্ধি নিবিলালেও বনৰীয়া মদাৰৰ ফুল হেনো আকাশত জুই জ্বলাবলৈ লাগে।
মই ইমান দিনে ডালিয়া, হিবিছকাছো দেখিছোঁ, বনৰীয়া ফুল হৈ নিৰৱে ফুলি থকা খৰিকাজাঁই জোপাও দেখিছোঁ। ডালিয়ালৈ সংকোচ ওপজে, বনৰীয়া ফুললৈ সন্মান বাঢ়ে, মৰমতে হিয়া গলে। মই বনৰীয়া ফুল হৈ জীয়াই থকাৰ সপোন দেখোঁ।

0 Comments