য'ত সপোন শেষ
কবিতা মোৰ প্ৰিয়
কবিতা লিখি ভালপাওঁ,
মই কোনো কবি নহয়।
গল্প মোৰ ভাল লাগে
মই গল্প লিখি ভালপাওঁ
মই কোনো গল্পকাৰ নহয়।
কবিতা লিখা মোৰ ফাগুনী দিনৰে পৰা।
বৰ সহজ নহয়,
হৃদয়ত দাহ হৈ থাকে শব্দৰ সৃষ্টি।
হৃদয়ে কয় শব্দবোৰ বিলাই দিয়া
অসংখ্যৰ মাজত।
বুকুত গোটমৰা শিলৰ দৰে কঠিন
এই ভোকাতুৰ প্রাণে।
নাজানো ক'ত শেষ
এই সৰ্বাংগীন জীৱন।
দিঠকত নেমেলিবা সপোনৰ সুৰ
বুকুৰ এচুকত গোপনে ৰাখা।
প্ৰাপ্তি অপ্ৰাপ্তি আত্মাৰ পণ গনি
পালো হাবাথুৰি।
এইয়া অন্তিম সুৰ,
এইয়া অন্তিম শব্দ।
সুখলতা টাইদ।
ধেমাজি ।

0 Comments