*সূৰুযে যেতিয়া উদয় হয়* _প্ৰশান্ত টাইদ, লখিমপুৰ_

 *সূৰুযে যেতিয়া উদয় হয়* 
       
*সূৰুযে যেতিয়া উদয় হয়*                             _প্ৰশান্ত টাইদ, লখিমপুৰ_

                  

_প্ৰশান্ত টাইদ, লখিমপুৰ_

লুহিতৰ তেজেৰে ভৰপূৰ

প্ৰভাত সুৰুযৰ কিৰণ

হৃদয়ত ক'লীয়া বাৰিদবোৰ

লুতুৰি - পুতুৰি লয়

ৰাঙলী সূৰুযৰ ৰুধিৰ ৰক্তিমা

ন-প্ৰভাতে

সূৰুযে যেতিয়া উদয় হয়।


সেই বাবেইটো ৰৈ থাকে

অপেক্ষাৰত দুৱাৰ পদুলিত

ক'লীয়া বাৰিদবোৰ

উদয়গিৰিমালাত ।


সাগৰেও ভাগৰুৱাই 

সাৰ পাই উঠে

সূৰুযে উদয়ৰ প্ৰাক্ মূহুৰ্তত 

সাগৰে লুতুৰিপুতুৰি লয় 

ৰাঙী সূৰুযৰ তেজ 

সূৰুযে যেতিয়া উদয় হয়।


জিলিকি উঠে 

সোণ-চেকোঁৰা যেন 

সাগৰৰ দুৱাৰ-গঁৰিলা 

সূৰুযে যেতিয়া উদয় হয়॥

Post a Comment

0 Comments