জীৱন,কবিতা,জয়ন্ত বৰা

 জীৱন

জীৱন                         শ্ৰী জয়ন্ত বৰা                          লখিমপুৰ   জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ শিকিছো। পুৰণি অতিতক স্মৃতিৰ মনিকোঠাত জলাঞ্জলী দি ভৱিষ্যতৰ সাতোৰঙি সপোন দেখিছোঁ। অতিতক পাহৰা নাই মাথোঁ পাহৰাৰ অভিনয়হে কৰিছোঁ। হৃদয়ত একুৰা ৰক্ত শিখা লৈ মুখত এটি কৃত্ৰিম মিঠা হাঁহি মাৰিছো। এইয়াইটো মোৰ জীৱন যান্তনাৰ অন্য এক নাম। জীৱনৰ মাজ সাগৰত পৰি পাৰ হোৱাৰ চেষ্টা কৰিছোঁ কিন্তু বাৰে বাৰে বিফল হৈ পৰিছো। কাৰণ সফলতাৰ চাবিকাঠি যে এতিয়া মোৰ পৰা বহু দূৰত। মুখত এটা মিচিকিয়া মিছা হাঁহি লৈ  মাথো অপেক্ষা কৰিছোঁ জীৱনৰ বিয়লি বেলালৈ।


                       শ্ৰী জয়ন্ত বৰা

                         লখিমপুৰ



জীৱনটোক নতুনকৈ আৰম্ভ কৰিবলৈ শিকিছো।

পুৰণি অতিতক স্মৃতিৰ মনিকোঠাত জলাঞ্জলী দি ভৱিষ্যতৰ সাতোৰঙি সপোন দেখিছোঁ।

অতিতক পাহৰা নাই মাথোঁ পাহৰাৰ অভিনয়হে কৰিছোঁ।

হৃদয়ত একুৰা ৰক্ত শিখা লৈ মুখত এটি কৃত্ৰিম মিঠা হাঁহি মাৰিছো।

এইয়াইটো মোৰ জীৱন যান্তনাৰ অন্য এক নাম।

জীৱনৰ মাজ সাগৰত পৰি পাৰ হোৱাৰ চেষ্টা কৰিছোঁ কিন্তু বাৰে বাৰে বিফল হৈ পৰিছো।

কাৰণ সফলতাৰ চাবিকাঠি যে এতিয়া মোৰ পৰা বহু দূৰত।

মুখত এটা মিচিকিয়া মিছা হাঁহি লৈ

 মাথো অপেক্ষা কৰিছোঁ জীৱনৰ বিয়লি বেলালৈ।

Post a Comment

0 Comments