অই-নিঃতম , আজি ৰাতি হ'ব তোৰ সতে মোৰ বিবাহ উৎসৱত্ৰিৰঞ্জন টাইড

 অই-নিঃতম ,

আজি ৰাতি হ'ব তোৰ সতে মোৰ বিবাহ উৎসৱ

ত্ৰিৰঞ্জন টাইড


অই-নিঃতম !

অ মোৰ চেনেহৰ অই-নিঃতম

আজি ৰাতি হ'ব তোৰ সতে মোৰ বিবাহ উৎসৱ


তোৰ বুকুৰ স্তন পান কৰি কৰি জীপাল হৈ  উঠে

মোৰ বুকুৰ অৰণ্য বাকৰি ,

তোৰ বুকুৰ শীতল সুৰ পান কৰি কৰি বৰ্ণময় হৈ উঠে

মোৰ বুকুৰ শীৰ্ণকায় গধুলি,


অই-নিঃতম !

তই আহ ! মোৰ বুকুৰ বাকৰিলৈ আহ

দোকমোকালিৰ আটাহ পাৰি আহ

সাজি থওঁ‌ তোৰ স্নেহ বিজড়িত শীতল

টঙিঘৰ ।


তোৰ ওঁ‌ঠৰ উদ্যান সানি

মাছবোৰে উজাই আহে নদীয়ে নদীয়ে 

ওঁ‌ঠত সুৰৰ সাগৰ তুলি


নীড়মুখী চৰাইবোৰে জাকপাতি উৰি আহে 

ঠোঁ‌টত তোৰ নুপুৰৰ পাহাৰ দাঙি

ওঁ‌ঠত তোৰ সুৰৰ সাগৰ তুলি


অই-নিঃতম ! অ মোৰ চেনেহৰ অই- নিঃতম

তই আহ মোৰ বুকুৰ কামিহাড় সলকাই আহ


তোৰ সুললিত সুৰৰ জিলিত 

পাহাৰবোৰ ঢপলিয়াই উধাতু খাই দৌৰি আহে মোৰ বুকুৰ পাৰ ভাঙি 

আৰু উঠি ভাঁ‌হি বগাই আহে মোৰ হৃদয়ৰ সমগ্ৰ ভালপোৱাৰ আঁ‌চনি


অই-নিঃতম তই আহ 

আজি কিয়?

এতিয়াই আহ - সোনকালেই আহ মোৰ বুকুৰ বাকৰিলৈ

তোৰ সতে মই আজি ৰাতিয়েই আয়োজন কৰো 

মোৰ বিবাহ উৎসৱ 

মোৰ সেউজীয়া উৎসৱ ।।

Post a Comment

0 Comments