নিচা
নিচা বুলিবলৈ কেৱল
তুমিয়েই নাছিলা,,,
কোনোবা আৱৰ্জনাৰ মাজৰ
এমহীয়া কণমানিটো
কোনোবা পথৰ দাঁতিত ,
এৰি থৈ যোৱা বৃদ্ধৰ
সজল দুচকুৰ নিচাই
মোক ৰগীয়াল কৰিছিল ,,,
ক্লান্তি বুলিবলৈ তোমাৰ উৰুটোৱেই মোৰ প্ৰিয়
ঠাই নাছিল।
আইৰ কোলা ,পিতাইৰ কান্ধ
আৰু
নৈৰ পাৰৰ বালিয়া মাটিও
মোৰ ক্লান্তি জুৰোৱা
প্ৰিয় ঠাই,,
তুমি বিহীনতা যিমান কষ্ট হয়
নিজৰ ভেঁটিত চাকৰ হৈ খোৱা
অজলা মানু্হচামৰ দুখটো
মই বৰ কষ্ট পাওঁ।
মোৰ বাবে তোমাতেই
প্ৰেম শেষ নহয় ,,
এখন বিশাল পৰিধিৰ
ভেদা -ভেদ হীন চোতালত বহি
কোনো নিৰ্জন দুপৰীয়া
একেলগে শুনা জিলিৰ
মাতত হে চোন
প্ৰেমবোৰ বিচাৰি পাওঁ।।
আস্থা বৰা
(ফৰকাটিং, গোলাঘাট)

0 Comments