আজিৰ ৰামধেনু,নিলম কলিতা

 আজিৰ ৰামধেনু

নিলম কলিতা


বিৰঙী নীলাৰ মাজত এচমকা পোহৰ

শান্তি-মৈত্ৰীৰ পাকচক্ৰত বিমুখ মই

নিথৰুৱা হোৱাৰ ভোকত 

আজি অৱহেলিত চিন্তা।

মাখন সনা এহালি মুক্ত বিহংগৰ চট্‌ফটনিত

ৰঙেৰে উপচি পৰিছে চকু।

আৰু ক'ত যে কি

নোহোৱাৰ নাই ঠিকনা (!)

অৱশেষ নহয় যে প্ৰাপ্তিৰ,

কাম্য ধ্বংসৰ।।


           📝নিলম কলিতা

Post a Comment

0 Comments