নীলা খামৰ চিঠি,নিবেদিতা বৰা

 

নিবেদিতা বৰা


প্ৰতি, 

      ‌ মৰমৰ সাগৰনীল

  মৰম ল'বা।

        উন্মুক্ত হৃদয়ত অহা-যোৱা কৰি থকা অনুভৱী আখৰবোৰৰ মালা গাঁথি প্ৰথমবাৰৰ বাবে কাগজৰ বুকুত তোমালৈ পঠোৱাৰ চেষ্টা কৰিছো।আশা কৰো, তুমি যাতে ভুল নুবুজা। তোমাৰ চকুৰ এপলক চাৱনিতে প্ৰথমবাৰৰ বাবে প্ৰেম সাগৰত নৌকা মেলাৰ ইচ্ছা জাগিছিল মোৰ।সাঁতুৰি উন্মাদ হোৱাৰ বাসনা জাগিছিল,,কি আছিল সেই চাৱনিত!মমৰ দৰে গলাই পেলাইছিল প্ৰেমে চুব নোৱাৰা মোৰ কঠোৰ হৃদয়খনক।হৃদস্পন্দন বাঢ়িছিল,ঘোঁৰা এটাই চেঁকুৰিছিল বুকুত।

       বুকুখনত ধুমুহাৰ জোৱাৰ তুলিবলৈ তোমাৰ এটা চাৱনিয়েই যথেষ্ট আছিল নীল।এজাক পখিলাই যেন খিল খিলাই  বাবে স্বৰ্গীয় অনুভূতি।

       চিঠিখনত আজি শব্দ‌ই চটফটাব।দুবছৰৰ আগতে নক‌ঁও বুলি ৰৈ যোৱা শব্দবোৰেও যেন আজি বগোৱা বাই অহাৰ চেষ্টা চলাইছে মোৰ হাত,ভৰি সকলো গ্ৰাস কৰিছে।হাত কঁপিছে,অধৈৰ্য্য হৈছো।আজি বাহিৰৰ বতাহজাকত পাতবোৰেও বৰকৈ নাচিছে,হয়টো!বৰষুণ আহিব ৰাতিলৈ।

       আহ: বৰষুণ!মনত আছেনে?কেতিয়াবা তিতি তিতিয়েই যে কলেজ কেম্পাছৰ ভিতৰলৈ সোমাই আহিছিলা,চুলিখিনি এক বিশষ ভংগীমাৰে জোঁকাৰি।চিগাৰেটৰ গোন্ধ বেয়া পাঁও ম‌ই,কিন্তু তোমাৰ ভালপোৱাৰ ঢৌত পৰি চিগাৰেটৰ গোন্ধটোও যেন প্ৰিয় হৈ পৰিছিল অদ্ভুত ধৰণেৰে।।কলেজৰ কেন্টিনৰ ল'ৰাজাকৰ মাজত তুমি থকাৰ উমান দিছিল ই মোক।। হঠাতে তোমাক দেখা পাই আজি দুবছৰৰ পাছত অনুভৱবোৰে উকমুকাই উঠিছে মোৰ,প্ৰশ্ন কৰিব মন গৈছে নীল কেতিয়াবা তুমি মোক দেখিছিলানে যিদৰে তোমাক ম‌ই জুমি জুমি চাইছিলো!!আহ: বুকুখন বিষাই অ কেতিয়াবা এনেকুৱাই নেকি একপক্ষীয় প্ৰেমৰ অনুভূতি,,এজনে ইজনৰ পচন্দ অপচন্দৰ খতিয়ান ৰাখে আৰু আনজনে সেইবোৰ নজনাকৈয়ে সময়ৰ সোঁতত আগবাঢ়ে।ৰাধা হোৱাৰ ইচ্ছা নাছিল মোৰ নীল,নাছিল ৰুক্মিনী হোৱাৰো,,মীৰা হৈ ৰৈছিলো দূৰ-দিগন্তৰ সিপাৰে,তোমাক চাই ৰৈছিলো মাথো।

 কিন্তু আজি যেন ধৈৰ্য্যবোৰে এৰাল চিঙিছে।তোমাৰ বুকুত ঠাই বিচাৰি অনুভৱবোৰ প্ৰকাশ কৰিছো বুলি ভুল নুবুজিবা নীল।মৰমৰ হৈ আছিলা,হৈ ৰ'বা।কিন্তু মোৰ অনুভৱবোৰ প্ৰকাশ নকৰিলে চিৰ জীৱন যেন ম‌ই অসুখী হৈ ৰ'ম এনে ভাৱ হয় মোৰ।এই প্ৰেমত স্বাৰ্থ নাছিল নীল,,তোমাক দুখ দিয়াৰো ইচ্ছা নাই সুখী হৈ ৰোৱা তুমি।।চিঠিখন তোমাৰ আগৰ ঠিকনাতে প্ৰেৰণ কৰিম দিয়া,,হা হা বিশেষ বান্ধৱীৰ দ্বাৰা সেই দুবছৰৰ আগতে গোটোৱা।।যদি চিঠিখন পোৱা ব্যস্ত জীৱনৰ পৰা দুপলক সময় উলিয়াই চিঠিখনৰ উত্তৰ লিখিবা।।

             ‌         ইতি

                                     তোমাৰবএকপক্ষীয় প্ৰেমিকা

                 ৰৌদ্ৰস্নাতা




নিবেদিতা বৰা

যোৰহাট মহাবিদ্যালয়(একত্ৰিত)

Post a Comment

0 Comments