নীলা খামৰ চিঠি,তপন পায়েং

 


প্ৰিয় 

        অচিন

মৰমৰ অচিন কেনে আছা?বহুদিন ধৰি তোমালোকৰ ঘৰলৈ যাব খুজিওঁ যাব পৰা নাই,তুমিটো জানাই বৰ্তমান সৰ্বভ্যাপী কৰণাৰ সংহাৰ চলি আছে সেয়ে যাব পৰা নাছিলো ,আশা কৰিছো তুমিওঁ কুশলৈ আছা । বৰ্তমান যিয়ে অৱস্থা প্ৰকৃতিৰ লগতে জীৱকুলৰ শ্ৰেষ্ঠ প্ৰাণী কেইটিৰো অসৎ কৰ্ম ,সিহঁতৰ অসৎ কৰ্মৰ পৰিনামত ভগ্নী সকলে বহুত সুধ-পূছ কৰিয়ে এঠাইলৈ ওলাবলগীয়া হৈছে,বোধকৰো তুমি বুজিছা মোৰ শব্দৰ সাজোনবোৰ ।

                    তুমি শুনিছানে ,টিভিয়ে বাতৰিয়ে দেখিছো অক্সিজেনৰ অভাৱ-অনাটন। স্বাৰ্থলোভী মানুহে আজিয়ো বুজি উঠা নাই গছ যে আমি কাটিব নালাগে,গছে আমাক অক্সিজেন দিয়ে সিহঁতক কোনে বুজাব । কৃত্ৰিম অক্সিজেনতকৈ প্ৰাকৃতিক অক্সিজেন হে আমাৰ দেহৰ বাবে উপযোগী। সেয়ে বৰ্তমান লকডাউনৰ সময়ত এজন ছাত্ৰ হিচাপে সময় পালেই বৃক্ষৰূপণ কৰাত হাত ধৰো,লগতে গাৱৰ গাৱৰ খুৰা-দদাইহতঁকো অৱগত কৰিছো গছ আমাৰ ভাৱে কিমান উপকাৰী। তোমাৰ মনত আছেনে ? আমাৰ উদ্ভিদবিভাগীয় শ্ৰেণী কক্ষত ভাৰত চাৰে যে কৈছিল উদ্ভিদ আৰু প্ৰাণী সহজীৱি উকাশত আমি অক্সিজেন আৰু নিকাশত কাৰ্বন-ডাই-অক্সাইড বিনিময় কৰে।মনটো বৰ ইচ্ছুক অজ্ঞাতসকলক মনত পেলাই দিবলৈ কিন্তু কি কৰিম কৰণাৰ বিধি উলংঘন কৰিলে লাঠীচালকে যে দিব লাঠী। বেয়া পাই লাভো নাই সিহঁতি আমাৰ ভালৰ কাৰণেইটো কৰিছে,যিয়েই সংক্ৰমণ হৈছে কৰণাৰ দ্ৰুত গতিত ।

                     তুমি ছাগে অসামন্জ্যক বোধ কৰিছা,অত দিনে ফোনত কথা-পতাজনে বৰ্তমান চিঠি লিখিছে বুলি,বাৰু যিকিনহওঁক আজিৰ চিঠিখন বেছি দীঘলীয়া নকৰো ,আশা কৰিছো ঘৰ ত বৰঠা-বৰমা,দাদা-বৌ হতঁৰ কুশলে আছে ! শেষত তোমাৰ ভাতিজী অনুপমাক মৰম আৰু আই-পিতাইক মোৰ মৰম জনাবা ,আশা কৰিছো তোমাৰ পৰা মোৰ চিঠি প্ৰতিত্তোৰ পাম বুলি।

                 আজিলৈ ইমানেই-

                     ইতি

                তোমাৰ প্ৰিয় বন্ধু

                    কাৰ্চাং তাকাৰ (তপন)

Post a Comment

0 Comments