যিদিনা মোৰ মৃত্যু হ'ব
যিদিনা মোৰ মৃত্যু হ'ব
সেইদিনা মাত্ৰ মোৰ
কম্পিত হাওঁফাওঁৰ স্তব্ধ হ'ব।
জগতৰ অন্য একো পৰিবৰ্তন নহ'ব
সম্বন্ধীয় আৰু ওচৰ চুবুৰীয়াৰ
খন্তেকীয়া অনুভৱৰ বাহিৰে।
বেলি বেলি হৈ থাকিব,
জোন জোন হৈ থাকিব,
তৰা তৰা হৈ থাকিব l
নদীৰ পানী বৈ থাকিব
আৰু সহস্ৰ জীৱক প্ৰাণ দান কৰি থাকিব,
গছৰ ফুল ফুলি থাকিব
সুগন্ধি আৰু সৌন্দৰ্য বিলাই থাকিব,
প্ৰকৃতিয়ে প্ৰকৃতিৰ নিয়মমতেই চলি থাকিব।
মাথোঁ মোৰ মৃত্যুৰ উপলক্ষে
সম্বন্ধীয় আৰু ওচৰ চুবুৰীয়াৰ
মনৰ অনুভৱত দুখে স্থান ল'ব।
জাক পাতি চাব আহিব ঘৰত
মোৰ প্ৰাণহীন দেহটি
হাঁহি কান্দোন কৰিব,
ভোজ ভাত চলিব ।
(তেতিয়া কিন্তু মই
আনন্দত উৎফুল্লিত হ'ব নোৱাৰিম
মোৰ বাবে শ কাম বন এৰি, মোৰ প্ৰাণক আশীৰ্বাদ দিব অহাবোৰ দেখি
অতীতৰ স্মৃতি হিচাপে সাঁচি থ'ব নোৱাৰিম।)
সকলো ঘৰমুৱা হ'ব,
আগৰ দৰেই জীৱন চলিব,
মাত্ৰ কেইদিনমানৰ কাৰণে
সিহঁতৰ মনৰ এটি নিজান চকুত
মোৰ নাম ৰৈ ৰৈ দিন অতিক্ৰম কৰিব
নিজৰ অস্তিত্ব ক্ষয় কৰি কৰি ।

0 Comments