আৱেগৰ ফাগুন,মিত্ৰদেৱ পেগু

 আৱেগৰ ফাগুন



মাঘমহীয়া কুঁৱলীৰ আৱৰণ ফালি,

জুমি চাওঁ তোমালৈ

কিজানিবা দেখাই পাওঁ মৰমৰ

কনেংজনীক।


তুমি বিহীন লগা

ধূসৰ উদং পথাৰত,

সেন্দুৰ সনা পলাশ-শিমলুৰ সুগন্ধ!

সূঘ্ৰাণ লওঁ তাৰ মাতাল গোন্ধ।


মেঘহীন আকাশত

হিমলু তুলাৰ আঁৰে আঁৰে,

ভাল লগাৰ সুৰবোৰে

অই নি:তমৰ ধ্বনি তোলে।


এইয়া নিয়ৰ নদীৰে লৃগাং অহাৰ দিন

ফাগুনৰ ৰাগিত আবেগবোৰ বৈ যোৱাৰ দিন।


লঠঙা গছৰ ডালে ডালে

ৰঙা আভূষনৰ ভাঁজে ভাঁজে

পছোৱাই ছটিয়াই দিয়ে 

তোমাৰেই ৰং.......।


✍️ 

Post a Comment

0 Comments