অভিভাৱকৰ সন্তানৰ প্রতি চোকা দৃষ্টি
নিজৰ সন্তানকৈ বেছিকৈ আপোন কোন হব পাৰে আৰু সন্তানৰ বাবেও পিতৃ মাতৃতকৈও কোনো বেছি আপোন হব নোৱাৰে। সেইবুলি সন্তানক বহুত মৰম কৰি বিপথে পৰিচালিত কৰা অনুচিত।
পিতৃ মাতৃ হৈ দায়িত্ব পালন কৰাটো ইমান বৰ সহজ কাম নহয়। ই মাতৃৰ বাবে বহুত বেছি টান,কাৰন বেছিকৈ মাতৃৰ ওপৰত সন্তানৰ লালন পালন কৰাত অধিক প্ৰভাৱ পৰে। ঘৰৰ গৃহিনীয়ে এফালে ঘৰৰ সমস্তকে চম্ভালি লগতে লৰা- ছোৱালী সকলোকে নজৰ ৰাখিব লগা হয়।কিন্তু সেইয়াও নহয় যে পিতৃৰ কম। প্ৰধানত পিতৃয়ে সকলোকে সমান চকুৰে চকু দিব লগা হয়। গতিকে পিতৃহীন সন্তানে বহুত বেছি দূৰ্বল অনুভৱ হয়। সেইবাবে সন্তানৰ প্ৰতি দুয়োৰে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। নিজৰ সন্তানক ভাল হোৱাটো সকলো মাক-দেউতাকৰ দায়িত্ব। অলপ কষ্ট কৰি শিকালে যদি ভাল হয় তেন্তে অলপ সময় দিয়াত আপত্তি কিহত ? গতিকে এই সময়ত সন্তানক পৰিবাৰক সময় দিবলৈ বহুত বেছি ভাল হৈছে। বৰ্তমান বিশ্বতে তলা বন্ধ। এই তলা বন্ধ সুযোগতে নিজৰ ঘৰৰ সকলোৱে মিলি ঘৰৰ ভিতৰতে থাকি সকলোকে আলাপ আলোচনা কৰাৰ সুযোগ।
সমস্যাবোৰৰ কেইটামান প্রধান কাৰকঃ-
ক) অতিমাত্ৰা মৰমঃ-
মৰম অবিহনে সন্তানক গঢ় দিব নোৱাৰি। মৰম আৰু ভালপোৱা খুব প্ৰয়োজনীয় কথা।নিজৰ তেজ মঙহৰ সন্তান যেতিয়া মাক দেউতাকে নিজৰ সন্তানকৈ নিজতকৈ বহুত বেছি ভাল পায়। অতি মৰমেও সন্তানক বিপথে পৰিচালিত কৰে। জ্ঞান, বিদ্যা, বুদ্ধিৰ, বৃদ্ধি কৰাত বাধা দিয়ে। যদি সন্তানক কোনো এটা কাম-কাজেই কৰিব নিদিও অকমান যদি খোজকাঢ়িব নিদিও সকলো কামবোৰ যদি পিতৃমাতৃয়ে লৈ লয় তেন্তে সন্তানে কৰ পৰা জ্ঞান বুদ্ধি ব্যক্তিত্বৰ বিকাশ হব। তেনেকৈ কেনেকৈ সিহঁতে জীৱনযুঁজত যুঁজিব পাৰিব।
খ) আমি এগৰাকী বেয়া শিক্ষকঃ-
কাৰন আমি আমাৰ লৰা ছোৱালীক সৰুৰে পৰা নানা কথা শিক্ষা দিও। সেইবাবে আমি সিহঁতৰ বাবে এগৰাকী শিক্ষক।সৰুৰে পৰা কোলাতে লোৱাৰ পৰা নিচুকাবলৈ, ভাত নাখালেও অলপ বেছিকৈ খুৱাবলৈ, তাৰ চকুত মবাইল, টি ভি কাৰ্টুন দেখুৱাবলৈ সিহঁতক মবাইলৰ প্রতি আসক্তি কৰিলো। শুৱাৰ পৰা সোনকালে উঠাৰ অভ্যাস নকৰি দেৰিকৈ শুই উঠাৰ অভ্যাস কৰিলো। আমি নিজে কিতাপ পত্ৰ নপঢ়ি অকল সিহঁতক পঢ়িবলৈ কলো। আমি নিজে মদ, চিগাৰেট, চাধা খাই সিহঁতক সেইবোৰৰ শিক্ষা দিলো। সেই বাবে সময় থাকোতে সকলোখিনি সজাগ হোৱা উচিত।
গ) দৈনিক কাম কাজত নিয়ম নথকাঃ-
ঘৰ খনক কোনো ধৰণৰ টাইম টেবুল নিয়ম পালন নকৰে। যাৰ যলৈ যাব মন তালৈ যায় যাৰ যেতিয়াই যি মন তাকে কৰে। ঘৰৰ পৰা ওলাই আহোতে জপনা বন্ধ নকৰা, ঘৰৰ ভিতৰত মানুহ নথকা সময়ত ফেন চুইছ বন্ধ নকৰা, লাইত বন্ধ নকৰা, তিতি থকা টাৱেল আদি সৰু সৰু কামবোৰ মানি চলা নহয়। গতিকে সেই পাই অহা নিয়মবোৰ পাছলৈ বিশৃংখলতা নানিবনে? সেইবোৰে তেওঁলোকক সঠিক বুলি ভৱা পথৰ সন্ধান নিদিবনে।
ঘ) সন্তানক সময় নিদিয়াঃ-
ব্যস্ততাক দোহাই দি আমি যদি লৰা-ছোৱালীৰ কথা নাপাতো, আমাৰ লৰা-ছোৱালী লগত কেনেকৈ সন্তানৰ প্রতি পিতৃ- মাতৃৰ মাজত এক মৰমৰ সমন্ধ গঢ় লব। সেই ক্ষেত্ৰত আমি কেনেকৈ আশা কৰিম যে সন্তানে আমাৰ কথা শুনিব।
ঙ) ওচৰ-চুবুৰীয়া লগত আত্মীয়তাঃ-
অকল মাক-দেউতাকৰ দ্বাৰাহে সন্তান সুস্থ সবল মনৰ অধিকাৰী হব পাৰিবনে? ওচৰ চুবুৰীয়া, পৰিয়ালৰ জেষ্ঠজনক পৰা মৰম আৰু আছিল অবিহনে অতি সন্তানে কিদৰে মানসিক ভাৱে সুস্থ মনৰ অধিকাৰী হৈ কেনেকৈ ডাঙৰ হৈ শক্তিশালী হব।
অভিভাৱক সকলে সন্মুখীন হোৱা কেইটামান প্রধান সমস্যাঃ-
ক) সন্তানৰ কথা নুশুনাঃ- কোনো কোনো লৰা ছোৱালী কাৰো কথা শুনিব নিবিচাৰে।নিজৰ মাক দেউতাকৰ কথাও নুশুনে, শিক্ষকৰ কথা নুশুনে বা আন কাৰোৱে কথা নুশুনে। এয়া কোনো কিশোৰ কিশোৰী ক্ষেত্ৰত নহয়। সৰু সৰু লৰা ছোৱালী ক্ষেত্ৰতো এনেবোৰ দেখা যায়। কিবা এটা নকৰিবলৈ কলে তেওঁলোকে সেইয়াই কৰে। কিছুমান বিশেষ কাম কৰিবলৈ কলে সেয়া নকৰে।
খ) মা- দেউতাৰ লগত বেয়া ব্যৱহাৰঃ-
কিছুমান লৰা ছোৱালী মাক দেউতাকৰ লগত বেয়া ব্যৱহাৰ কৰে। গালি শপনি পাৰি আনৰ আগত দুখ লগাকৈ বেয়াকৈ কয়। বেলেগৰ আগত অসন্মান কৰে। পিতৃ মাতৃক অলপো সন্মানবোধ নকৰে।
গ) পঢ়া শুনাতকৈ আন কথা বেছিকৈ মন দিয়াঃ-
টকা -পইচা,ফুৰ্টি, প্ৰেম, নিচা আদি নানা বেয়া বস্তুৰ প্ৰতি তেওঁলোক বেছি আসক্ত হোৱা দেখিবলৈ পোৱা গৈছে।
সফল অভিভাৱকত্বৰ বিষয়ে চৰ্চাঃ
আমি ওপৰত আলোচনা কৰা বিষয়বোৰৰ পৰা আমি কব পাৰো যে পিতৃ মাতৃ চৰিত্র সন্তানৰ মাজত প্রতিফলন ঘটে। সেইকাৰণে আমি যি তাৰ পৰিবৰ্তে সন্তানৰ পৰা অন্য কোনো এটা কাম আশা কৰাতো অমূলক হব। অভিভাকৰ গুৰু দায়িত্ব পালন কৰিব লগা হলে তেওঁলোকৰ মাজত গভীৰ বিশ্বাস থাকিব লাগিব। দয়া, ক্ষমা আদিৰ মহান আদৰ্শৰ মানবীয় গুণবোৰ আমাৰ সন্তানক প্ৰদান কৰিবলৈ হলে আমি নিজেই নিজৰ সন্তানৰ বাবে এক আদৰ্শবান সংস্কাৰী নীতি নিয়ম অভিভাৱক হব লাগিব। যাতে নিজৰ সন্তানে মানবীয় গুণৰ অধিকাৰী হব পাৰে অভিভাৱকৰ কথা আৰু কামৰ লগত সামঞ্জস্য থাকিব লাগিব।
লৰা ছোৱালীৰ বাবে এগালমান টকা পইচা সাজিব পৰাটো কোনো সফল পিতৃ মাতৃ বুলিব নোৱাৰি। সন্তান ভাল জ্ঞান ,দয়া ,আদৰ্শ আদি দি মানৱ সমাজৰ যোগ্য ব্যক্তি হিচাপে গঢ়িব পাৰিলেহে সন্তানক এৰি পিতৃ মাতৃয়ে এইখন পৃথিৱীৰ পৰা শান্তিৰে চিৰ বিদায় লব পাৰিব। শান্তিৰে জীৱন বিদায় দিব পাৰিব।
🖋সুখলতা টাইদ
ধেমাজি

0 Comments