বৰগছ ককাঁ
◼ৰত্নুত্তম গগৈ
ষষ্টমান
বৰগছ ককাঁ
বৰগছ ককাঁ ,তুমি কিয় কান্দিছা?
আজি ক'ত বছৰে তুমি আত্ম অহংকাৰত
গৰ্বত বুকু ফিন্দাই আছিলা
এই অৰণ্যখনত,তুমিয়েই ৰজা
কিমান যে গছ বন ,লতিকা জন্মিলে
মৰিলে তোমাৰ সমান বৃদ্ধ এই অৰণ্যখনতেই॥
তোমাৰ আশ্ৰয়তেই কিমান যে
চৰাই-চিৰিকঠিয়ে বাহঁ সাজি
পোৱালিয়ো জগায় বংশ বৃদ্ধিওঁ কৰিছিল।
জীৱ-জন্তুবোৰেওঁ তোমাৰ আশ্ৰয়তেই
ডাঙৰ -দীঘল হৈ আহিছিল
কিন্তু হঠাৎতে তোমাৰ গৰ্ব অহংকাৰ কলৈ গ'ল।
আজি তোমাৰ চকুত চকু-পানী,
এইবাৰ বৰগছ ককাঁই হুক-হুকাই
কান্দিলে কাৰণ,
আমি মানৱে যে তোমাক নামি-দামী শস্ত্ৰৰে
তোমাক যে মাৰিছোহি॥

0 Comments