দ্যা চুপাৰ মেন অৱ  মূলাই ককাঁ ◼তপন পায়েং,শিশু সাহিত্য,সাহিত্যৰ ডেউকা

 

দ্যা চুপাৰ মেন অৱ  মূলাই ককাঁ ◼তপন পায়েং

দ্যা চুপাৰ মেন অফ মূলাই ককাঁ

◼তপন পায়েং
লখিমপুৰ

ভাইটি-ভন্টিহঁত তোমালোকে বাৰু ? চুপাৰ মেন,স্পাইডাৰ মেন,আইৰণ মেন আদিৰ দৰে চুপাৰ হিৰ চিনেমা চোৱানে?আশা কৰিছো যে তোমালোকে নিশ্চয় উপভোগ কৰিছা। বাৰু যিকিনহওঁক ভাইটি-ভন্টিহঁত আজি এনে এজন চুপাৰ হিৰৰ বিষয়ে দুষাৰী তোমালোকক ক'ম কিন্তু তোমালোকে উপভোগ কৰা চুপাৰ মেন,ক্ৰিছ ,স্পাইদাৰ মেন আদিৰ দৰে তেওঁৰ কিন্তু বিশেষ কোনো চুপাৰ পাৱাৰ বা শক্তি নাই । তোমালোকে দেখা চুপাৰ হিৰবোৰ কল্পনাতীঁত হে কিন্তু মই কোৱা সেই চুপাৰ হিৰ জন আমাৰ ভিতৰৰে, তেওঁ হৈছে "মূলাই যাদৱ পায়েং" য'ত  পৰিচিত ভাৰত তথা গোটেই বিশ্বতেই "Forest Man of India"বুলি । মূলাই ককাঁ এজন ম'হ-গৰু গাখীৰৰ বিক্ৰেতাৰ লগতে তেওঁ ঘাইকৈ পৰিৱেশ কৰ্মী যাৰ পৰশত প্ৰাণ পায় উঠিছে সজস্ৰ উদ্ভিদ জগত । আমাৰ সকলোৰে পৰিচিত মূলাই ককাঁ যোৰহাট তথা বৰ্তমানৰ মাজুলী জিলাৰ কুকিলা মুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ  ঔনামুখ চাপৰিৰ থকা এক বৃহৎ এলেকাত গছ-পুলি ৰুই অৰণ্যলৈ ৰূপান্তৰ কৰিছে । ককাঁ যাদৱ পায়েংঙে পাচঁশ পঞ্চাশ হেক্টৰ অঞ্চল জুৰি বৃক্ষ ৰূপণ কৰিছিল । আৰু পিছলৈ আমাৰ যাদৱ ককাঁৰ সন্মানাৰ্থে "মূলাই কাঠনি" নামেৰে অৰণ্যখন নাম ৰখা হয় । আৰম্ভণিতে মূলাই কাঠনি অৰণ্যখন বালিচৰ আছিল  আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় সাতাইশ কিলোমিটাৰ আৰু প্ৰস্থ(বহল) প্ৰায় পোন্ধৰ কিলোমিটাৰ । ১৯৮০ চনৰ এই অৰণ্য সৃষ্টি হোৱাৰ পৰা আৰু বৰ্তমানলৈকে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীয়ো দেখিবলৈ পোৱা যায় ।
যেনে উদ্ভিদ বিলাকৰ ভিতৰত এজাৰ,অৰ্জুন,গোলমোহৰ ,কৰৈ,ম'জ আদিৰ লগতে প্ৰাণী বিলাকৰ ভিতৰত গড়ঁ ,ঢেকীঁয়া পতিয়া বাঘ,হৰিণা ,বিভিন্ন ধৰণৰন পৰিভ্ৰমী চৰাই আদিয়ো  দেখিবলৈ পোৱা যায় ।

      তোমালোকে বাৰু মন কৰিছানে,মই কিয় বাৰু আৰম্ভণিতে মূলাই ককাঁক  চুপাৰ হিৰ বুলি সম্বোদন কৰিছো , শুনা ! কিয়নো উদ্ভিদে জীৱৰ লগতে পৰিৱেশ তথা বতৰৰো ভাৰসাম্যতাকো ৰক্ষা কৰি আহিছে। তোমালোকে গোলকীয় উষ্ণতাৰ বিষয়ে শুনিছানে গোলকীয় উষ্ণতাৰ মূল কাৰণো হৈছে উদ্ভিদৰ হ্ৰাসৰ বাবে ,সেয়ে আমি বিভিন্ন ধৰনৰ বেমাৰ-হাজাৰৰ ছবিসমূহ দেখিবলৈ পাইছো। বৰ্তমান আধুনীকতাৰ পৰিপ্ৰেক্ষিতত গছৰ সংখ্যাৰ হ্ৰাস পাবলৈ ধৰিছে ইয়াৰ মূল কাৰণ হৈছে মানৱ জাতিৰ বাবে ,কাৰণ মানুহে গছ কাটিব লৈছে কিন্তু কোনো দিনে গছ-পুলি যে ৰুব লাগে আজিয়ো এইবোৰৰ প্ৰতি কাল অনুতাপ কৰা নাই । এনে সময়ছোৱাতে আমাৰ মূলাই ককাঁই গছ-পুলি ৰূপন কৰি  বিশ্বৰ মানৱ সভ্যতাৰ সলনি গোটেই জীৱ-কুলকে জীয়াই ৰখাত প্ৰচেষ্টা চলাই আহিছে সেয়ে মই মূলাই ককাঁক চুপাৰ হিৰ বুলি সম্বোদন কৰিছো ,বোধ কৰো তোমালোকে বুজিছা।
                   ১৯৭৯ চনত আমাৰ মূলাই ককাঁই ষোল্ল বছৰ বয়সত বানে উঠুৱাই অনা মৃত সাপসমুহক প্ৰত্যেক্ষ কৰি অন্তৰত বহুত আঘাত পাইছিল। মাথো ককাঁই দিনে নিশাই বন্য-প্ৰাণী সমুহৰ বাবে চিন্তা-চৰ্চা কৰি ১৯৮০ চনত বৃক্ষ ৰূপন কৰিছিল । ককাঁৰ প্ৰধান কাম আছিল গছ-পুলি ৰূপন কৰা ,ককাঁই বৰ্তমানো মূলাই কাঠনি অৰণ্যৰ ভিতৰত আজিয়ো সহধৰ্মিনী বিনীতা পায়েং তথা দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ সৈতে বাস কৰি আছে । মূলাই ককাঁ আমাৰ অসমৰ মিচিং জনগোষ্ঠীয়  সম্প্ৰদায়ৰ লোকৰ ভিতৰত তেওঁ এজন  আৰু  গৰু-ম'হৰ গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে ।
              পায়েংঙ ককাঁৰ এনে মহৎ কামৰ বাবে ২০১২ চনত ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি তেওঁক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে আয়োজন কৰা সভাত এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সুধিৰ কুমাৰ  সৌপৰিয়ে "Forest Man of India"( অৰণ্য মানৱ) বুলি আখ্যা দিছে। আনহাতে  ২০১৫ চনত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰনৱ মূখাৰ্জীয়ে ককাঁ যাদৱ পায়েংঙক "পদ্মশ্ৰী বটা"ৰে সন্মানিত কৰা হয় । তাৰোপৰিয়ো বিভিন্ন সন্মানেৰে ককাঁক সন্মানিত কৰা হৈছে ।
আৰু এটা কথা ভাইটি-ভন্টিহঁত শেহতীয়া ভাৱে তোমালোকৰ ভাৱে ককাঁ যাদৱ পায়েংঙৰ  সচা কাহিনীৰে "The boy grew a forest : The story of Jadov Payeng"শীৰ্ষক নামেৰে গ্ৰন্থ এখনি আমেৰিকাৰ লেখিকা  ছফিয়া গোলজ বাইদেওঁৱে ৰচনা কৰি উলিয়াইছে পৰাপক্ষত তোমালোকে পাৰিলে সময় উলিয়াই  মূলাই ককাঁৰ সচা কাহিনীৰ গ্ৰন্থটি পঢ়ি চাবছোন।
           বাৰু আজিলৈ ইমানেই
ভাইটি-ভন্টিহঁত, কিন্তু শেষ কৰাৰ আগতে কথা এটি কয় থৈ যাওঁ । তোমালোকে পাৰিলে আজৰি সময়ত  একোটাকৈ গছ-পুলি ৰুবলৈ আৰম্ভ কৰিবাছোন ,তোমালোকে অনুভৱ কৰিছাই নহয় গৰমৰ প্ৰকোপবোৰ ॥

Post a Comment

0 Comments