আজি বিশ্ব পৰিৱেশ দিৱস(world environment day). বহুতো জ্ঞানী ব্যক্তিয়ে আজি নিজৰ বক্তব্য আগ বঢ়াব । কব গছ কিয় ৰুব লাগে , গছৰ উপকাৰীতা ইত্যাদি ইত্যাদি । কিন্তু পৰিবেশ বুলি কলেই জানো মাথোঁ গছবোৰৰ কথাকে বুজোঁ ? সৰুতে আমি পঢ়িবলৈ পাইছিলোঁ আজিও মনত আছে স্পষ্টকৈ " পৰিবেশ বুলি কলে আমি আমাৰ চাৰিওফালৰ বস্তু বোৰৰ কথাকে বুজোঁ । "
সঁচাকৈয়ে আমি বুজোঁনে ? কেতিয়াবা নিজৰ ওপৰতে সন্দেহ হয় শ্রেণীকোঠাত পোৱা শিক্ষাবোৰ যেন পৰীক্ষাত নম্বৰ লাভ কৰিবলৈহে লৈছিলোঁ । কিন্তু তেনেকুৱা নহয় ,আমি লাভ কৰা প্ৰতিটো শিক্ষাই আমাৰ জীৱনত প্ৰভাৱ পেলাই যদিহে আমি তাৰপৰা জ্ঞানবোৰ সংগ্ৰহ কৰিব জানো । এই ক্ষেত্ৰত শিক্ষক সকলৰো বিশেষ ভূমিকা থকা দৰকাৰ ,কিয়নো তেওঁলোকৰ প্ৰতিটো কাজেই আমাৰ মনত সাজ বহুৱাই যায় ।
এতিয়া পৰিবেশৰ কথা যদি কব যাওঁ, ইয়াৰ আৰম্ভণি নিজৰ ঘৰখনৰ পৰাই যত মাক-দেউতাকৰ বিশেষ যোগদান থাকিব পাৰে । আমি সকলোৱে জানো এখন পৰিষ্কাৰ ঠাইৰ মুহূৰ্ত কিন্তু আমি কিমান পৰিষ্কাৰকৈ নিজক আৰু নিজৰ ঠাইখনক ৰাখিছোঁ সেইটোহে ডাঙৰ কথা । কিন্তু পৰিষ্কাৰ পৰিচন্নতা আৰু পৰিবেশৰ মাজত ভালেখিনি পাৰ্থক্য আছে । এটা ভাল পৰিবেশ বুলি কলে আমি পৰিষ্কাৰ পৰিচ্ছন্নক বুজি পাওঁ কিন্তু পৰিষ্কাৰ পৰিচন্নতা বুলি কলে এটা ভাল পৰিবেশ নহবও পাৰে । এটা ভাল পৰিবেশ গঢ়িবলৈ সেই ঠাইৰ জনসাধাৰণৰ সজাগ হব লাগিব । সেই ঠাইৰ জনসাধাৰণৰ মাত-কথা, কাম-কাজ, আচাৰ-ব্যৱহাৰ ইত্যাদি বোৰে এটা ভাল পৰিবেশত বেশেষ অৰিহণা যোগাই । যেনেদৰে আমি সকলোৱে জানো যে প্লাষ্টিক, কাছ এইবোৰ বস্তুৱে পৰিবেশৰ ক্ষতিসাধন কৰে গতিকে ইয়াৰ ব্যৱহাৰ পৰাপক্ষত কমাই চলিব লাগে আৰু পাৰিলে পুনৰ ব্যৱহাৰৰ চেষ্টা কৰিব লাগে আমাৰ চৌপাশৰ যিকোনো ঠাইত দলিয়াই পেলোৱাত কৈ , বজাৰলৈ যাওঁতে হাতত বেগ লৈ যোৱা কথা হয়তো বহুতে কব
কিন্তু কোৱাতকৈ কৰ্মৰে কৰা জনকহে আনে অনুসৰণ কৰে ।
গতিকে আহক এটা ভাল পৰিবেশ গঢ়ি তোলোঁ আৰু আনকো এটা ভাল পৰিবেশ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰোঁ । আজি এই "বিশ্ব পৰিবেশ দিৱস"ৰ দিনটোত শপত গ্ৰহণ কৰোঁ যাতে মাথোঁ গছপুলি ৰোপণ কৰিয়েই নহয় লগতে কথাৰে নহয় কামেৰে পৰিষ্কাৰ-পৰিচন্নতা আৰু সু-আচাৰ ব্যৱহাৰৰ পুলি ও ৰোপণ কৰি এটা ভাল পৰিবেশ গঢ়ি তোলোঁ । যত হাই-কাজিয়াৰ কোনো স্থান নাই , থাকিব মাথোঁ পৰিবেশৰ প্ৰতি ভালপোৱা , জ্যেষ্ঠ জনৰ প্ৰতি শ্ৰদ্ধা আৰু সৰু জনৰ প্ৰতি মৰম ।

0 Comments